Text copied!
Bibles in Assamese

গননা 24:12-22 in Assamese

Help us?

গননা 24:12-22 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি পঠিওৱা দূতবোৰৰ আগত মই কোৱা নাছিলো নে যে,
13 ‘যদি বালাকে সোণ আৰু ৰূপেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই নিজ ইচ্ছাৰে ভাল বা বেয়া কাৰ্য কৰিবলৈ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ; যিহোৱাই যিহকে ক’ব, মই তাকেই ক’ম।’
14 এতিয়া চোৱা, মই এই স্ব-জাতীয় লোকসকলৰ ওচৰলৈ যাওঁ। আহা, এই জাতিয়ে পাছত তোমাৰ প্ৰজাসকলক কি কৰিব, তাক মই তোমাক জনাওঁ।”
15 বিলিয়ামে নিজৰ পদ্য গাই ক’লে, বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু মেলা আছিল, সেই পুৰুষে কৈছে।
16 এয়েই এজনৰ ভাৱবাণী যি জনে ঈশ্বৰৰ বাক্য শুনে, আৰু সৰ্ব্বোপৰি জনাৰ তত্ব জানে, যি জনে সৰ্ব্বশক্তিমানক দৰ্শন পায়, সেই জনে মাটিত পৰি চকু মেলি কৈছে।
17 মই তেওঁক দেখিছোঁ, কিন্তু বৰ্ত্তমানে নাই; তেওঁক দৰ্শন পাইছোঁ, কিন্তু তেওঁৰ ওচৰত থকা নাই। যাকোবৰ মাজৰ পৰা এটা তৰা উদয় হ’ব, ইস্ৰায়েলৰ মাজৰ পৰা এক ৰাজ-দণ্ড উঠিব; সেয়ে মোৱাবৰ দীৰ্ঘ-প্ৰস্থ গুড়ি কৰিব, আৰু হুৰামূৰা কৰা গোটেই বংশক সংহাৰ কৰিব।
18 তেওঁৰ শত্ৰু ইদোম এক উত্তৰাধীকাৰ হ’ব, তেওঁৰ শত্ৰু চেয়ীৰেই এক উত্তৰাধীকাৰ হ’ব; তেতিয়া ইস্ৰায়েলে বীৰৰ কাৰ্য কৰিব।
19 যাকোবৰ পৰা উৎপন্ন হোৱা এজনে ৰাজত্ব কৰিব, আৰু নগৰৰ অৱশিষ্ট লোকসকলক বিনষ্ট কৰিব।
20 তেতিয়া বিলিয়মে অমালেকলৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ভৱিষ্যৎ বাণী গাবলৈ ধৰিলে। তেওঁ ক’লে, “এই অমালেক জাতি সমূহৰ মাজত প্ৰথম; কিন্তু তাৰ শেষ-দশা সৰ্ব্বনাশ।”
21 তেতিয়া বিলিয়মে কেনীয়া সকললৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ক’লে, “তোমাৰ নিবাস অতি দৃঢ়, আৰু তোমাৰ বাহ শিলত পতা।
22 তথাপি কেনীয়ালোক বিনষ্ট হ’ব, শেষত অচুৰে তোমাক বন্দী কৰি লৈ যাব।
গননা 24 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019