7 তেতিয়া বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, “বালাকে অৰামৰ পৰা মোক অনালে, মোৱাবৰ ৰজাই পূবফালৰ পৰ্ব্বতৰ পৰা মোক অনালে। ‘আহাঁ, মোৰ কাৰণে যাকোবক শাও দিয়া,’ তেওঁ ক’লে। আহাঁ, ইস্ৰায়েলক ধিক্কাৰ দিয়া।’
8 কিন্তু ঈশ্বৰে শাও নিদিয়া লোকক মই কেনেকৈ শাও দিম? আৰু যিহোৱাই ধিক্কাৰ নিদিয়া লোকক মই কেনেকৈ ধিক্কাৰ দিম?
9 কিয়নো মই শিলবোৰৰ টিঙৰ পৰা সেইজনক দেখা পাইছোঁ; আৰু পৰ্ব্বতৰ পৰা সেইজনক দেখিছোঁ। চোৱা, তেওঁলোক অকলে বাস কৰা লোক জাতি সমূহৰ মাজত তেওঁলোক গণিত নহয়।
10 যাকোবৰ ধূলি কোনে লেখ কৰিব পাৰে? বা ইস্ৰায়েলৰ চাৰি ভাগৰ এভাগকে কোনে গণিব পাৰে? ধাৰ্মিকৰ মৃত্যুৰ নিচিনা মোৰ মৃত্যু হওঁক, আৰু তেওঁৰ শেষ গতিৰ নিচিনা মোৰ শেষগতি হওঁক।”
11 তেতিয়া বালাকে বিলিয়মক ক’লে, “আপুনি মোলৈ এইয়া কি কৰিলে? মোৰ শত্ৰুবোৰক শাও দিবলৈ মই আপোনাক অনিলোঁ; আপুনি সিহঁতক সকলো ভাৱে আশীৰ্ব্বাদহে কৰিলে।”
12 তেতিয়া বিলিয়ামে উত্তৰ দি ক’লে, “যিহোৱাই মোৰ মুখত যি কথা দিব, সাৱধান হৈ মই তাকে নক’ম নে?”
13 পাছত বালাকে তেওঁক ক’লে, “মই বিনয় কৰোঁ, আপুনি যি ঠাইৰ পৰা তেওঁলোকক দেখিবলৈ পাব, এনেকুৱা আন ঠাইলৈ মোৰ লগত আহক। আপুনি তেওঁলোকৰ সকলোকে দেখা পোৱা নাই, কেৱল এফালহে দেখিবলৈ পাইছে, সেই ঠাইৰ পৰা মোৰ কাৰণে তেওঁলোকক শাও দিব।”
14 তেতিয়া বালাকে তেওঁক চোফীম পথাৰৰ মাজলৈ পিচগাৰ টিঙলৈ লৈ গ’ল; সেই ঠাইতে তেওঁ সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে আৰু প্ৰত্যেক যজ্ঞ-বেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।
15 পাছত তেওঁ বালাকক ক’লে, “তুমি এই ঠাইতে তোমাৰ হোম-বলিৰ ওচৰত থিয় হৈ থাকা; মই হ’লে, সৌ তাত ঈশ্বৰৰ সাক্ষাৎ কৰোঁগৈ।”