Text copied!
Bibles in Assamese

গননা 23:3-7 in Assamese

Help us?

গননা 23:3-7 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি তোমাৰ হোম বলিৰ ওচৰত থিয় হোৱা, মই যাওঁ। কিজানি যিহোৱাই মোৰে সৈতে সাক্ষাৎ কৰিব। সেয়ে হলে তেওঁ মোক যিহকে দেখুৱাই, তাকেই মই তোমাক ক’ম।” পাছে তেওঁ গছ-গছনি নথকা এনে এখন ওখ ঠাইলৈ গ’ল।
4 তেতিয়া ঈশ্বৰে বিলিয়মেৰে সৈতে সাক্ষাৎ কৰিলত, বিলিয়মে তেওঁ ক’লে, “মই সাতোটা যজ্ঞবেদী যুগুত কৰিলোঁ আৰু প্ৰত্যেকটি যজ্ঞবেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলোঁ।”
5 তেতিয়া যিহোৱাই বিলিয়মৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।”
6 তেতিয়া বিলিয়ম বালাকৰ ওচৰলৈ উলটি গ’ল, চোৱা, সেই সময়ত মোৱাবৰ অধ্যক্ষসকলেৰে সৈতে বালাক নিজৰ হোম বলিৰ ওচৰত থিয় হৈ আছিল।
7 তেতিয়া বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, “বালাকে অৰামৰ পৰা মোক অনালে, মোৱাবৰ ৰজাই পূবফালৰ পৰ্ব্বতৰ পৰা মোক অনালে। ‘আহাঁ, মোৰ কাৰণে যাকোবক শাও দিয়া,’ তেওঁ ক’লে। আহাঁ, ইস্ৰায়েলক ধিক্কাৰ দিয়া।’
গননা 23 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019