Text copied!
Bibles in Assamese

গননা 23:15-19 in Assamese

Help us?

গননা 23:15-19 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 পাছত তেওঁ বালাকক ক’লে, “তুমি এই ঠাইতে তোমাৰ হোম-বলিৰ ওচৰত থিয় হৈ থাকা; মই হ’লে, সৌ তাত ঈশ্বৰৰ সাক্ষাৎ কৰোঁগৈ।”
16 তেতিয়া যিহোৱাই বিলিয়মেৰে সৈতে সাক্ষাৎ কৰি, তেওঁৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।”
17 বিলিয়ম তেওঁৰ ওচৰলৈ ঘূৰি আহিল; সেই সময়ত মোৱাবৰ অধ্যক্ষসকলেৰে সৈতে বালাক নিজৰ হোম-বলিৰ গুৰিত থিয় হৈ আছিল। তেতিয়া বালাকে তেওঁক সুধিলে, যিহোৱাই কি ক’লে?
18 বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, তেওঁ ক’লে, “হে বালাক, উঠি শুনা, হে চিপ্পোৰৰ পুত্ৰ, মোৰ কথালৈ কাণ কৰা।
19 ঈশ্বৰ মনুষ্য নহয়, যে তেওঁ মিছা কথা ক’ব, তেওঁ মানুহৰ সন্তানো নহয়, যে তেওঁ মন ঘূৰাব। তেওঁ কৈ জানো সিদ্ধ নকৰিব? তেওঁ বাক্য কৈ জানো সাম্ফল নকৰিব?
গননা 23 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019