25 গাধজনীয়ে যিহোৱাৰ দূতক আকৌ দেখি গড়ত গা ঘঁহাই যাওঁতে, বিলিয়মৰ ভৰি গড়ত ঘঁহা খালে; তেতিয়া তেওঁ আকৌ তাইক কোবালে।
26 যিহোৱাৰ দূত আৰু অলপমান আগলৈ গৈ, সোঁফালে কি বাওঁফালে ঘূৰিবলৈ ঠাই নোহোৱা এনে এক চেপ ঠাইত থিয় হ’ল।
27 তেতিয়া গাধজনীয়ে যিহোৱাৰ দূতক দেখি বিলিয়মেৰে সৈতে আঁঠুকাঢ়ি পৰিল, বিলিয়াম খঙত জ্বলি উঠিল আৰু তেওঁ গাধজনীক লাখুটিৰে কোবাবলৈ ধৰিলে।
28 তেতিয়া যিহোৱাই গাধক কথা ক’বলৈ শক্তি দিলে। গাধজনীয়ে বিলিয়মক ক’লে, “মই তোমাক কি কৰিলোঁ যে, তুমি এই তিনিবাৰ মোক কোবালা?”
29 বিলিয়মে গাধজনীক ক’লে, “তই মোক অমান্য কৰিছ; মোৰ হাতত তৰোৱাল থকা হ’লে বৰ ভাল আছিল; সেয়ে হোৱা হ’লে মই এতিয়াই তোক বধ কৰিলোঁহেঁতেন।”