12 তেতিয়া ঈশ্বৰে বিলিয়মক ক’লে, “তুমি তেওঁলোকৰ লগত নাযাবা। তুমি সেই জাতিক শাও নিদিবা; কিয়নো তেওঁলোক আশীৰ্ব্বাদ পোৱা লোক।”
13 পাছত বিলিয়মে ৰাতিপুৱাতে উঠি বালাকৰ অধ্যক্ষসকলক ক’লে, “তোমালোকে নিজ দেশলৈ গুচি যোৱা; কিয়নো যিহোৱাই তোমালোকৰ লগত মোক যাবলৈ অনুমতি নিদিলে।”
14 তাতে মোৱাবৰ অধ্যক্ষসকলে উঠি বালাকৰ গুৰিলৈ আহিল। তেওঁলোকে ক’লে, “আমাৰ লগত আহিবলৈ বিলিয়ম অসন্মত হ’ল।”
15 বালাকে তেওঁলোকতকৈ অর্থাৎ প্রথম দলটিতকৈ অধিক আৰু অতিশয় সম্ভ্ৰান্ত আন অধ্যক্ষসকলক পঠিয়ালে।
16 তেওঁলোকে বিলিয়মৰ ওচৰলৈ গৈ তেওঁক ক’লে, “চিপ্পোৰৰ পুত্ৰ বালাকে এই কথা কৈছে, ‘মই নিবেদন কৰোঁ, মোৰ ওচৰলৈ আহিবলৈ আপোনাক একোৱে বাধা নিদিয়ক।