24 ইস্ৰায়েলে তৰোৱালৰ ধাৰত তেওঁক আঘাত কৰি, অৰ্ণোনৰ পৰা যব্বোকলৈকে অম্মোনৰ সন্তান সকলৰ সীমালৈকে তেওঁৰ দেশ অধিকাৰ কৰিলে; কাৰণ অম্মোনৰ সন্তান সকলৰ সীমা গড়েৰে দৃঢ় আছিল।
25 এইদৰে ইস্ৰায়েলে সেই সকলো নগৰ হাত কৰি ললে; আৰু ইস্ৰায়েলে ইমোৰীয়াসকলৰ আটাই নগৰত, হিচবোনত আৰু তাৰ সকলো উপত্যকাবোৰত বাস কৰিবলৈ ধৰিলে।
26 কিয়নো হিচবোন ইমোৰীয়াহঁতৰ ৰজা চীহোনৰ নগৰ আছিল; সেই চীহোনে মোৱাবৰ আগৰ ৰজাৰ অহিতে যুদ্ধ কৰি তেওঁৰ হাতৰ পৰা অৰ্ণোনলৈকে তেওঁৰ আটাই দেশ লৈছিল।
27 এই কাৰণে কবি সকলে কয়, “তোমালোক হিচবোনলৈ আহা, চীহোনৰ নগৰ সজা আৰু দৃঢ় কৰা হওঁক।
28 কিয়নো হিচবোনৰ পৰা অগ্নি-শিখা ওলাই, চীহোনৰ পৰা শিখাই, মোৱাবৰ আৰ লগৰ গ্ৰাস কৰিলে, আৰু অৰ্ণোনৰ ওখ ঠাইবোৰৰ প্ৰভুসকলক গ্ৰাস কৰিলে।
29 হে মোৱাব!, তোমাৰ সন্তাপ হ’ল, আৰু হে কমোচৰ প্ৰজা, তুমি বিনষ্ট থ’লো; সি নিজৰ পুতেকসকলক পলাবলৈ, আৰু নিজৰ জীয়েকসকলক বন্দী অৱস্থাত পৰিবলৈ এৰি দিলে, ইমোৰীয়াসকলক ৰজা চীহোনৰ হাতত সমৰ্পণ কৰিলে।
30 আৰু আমি তেওঁলোকলৈ বাণ মাৰিলোঁ; দীবোনলৈকে হিচবোন বিনষ্ট হ’ল। মেদবালৈ বিস্তৃত নোফহলৈকে আমি সকলোকে ধ্বংস কৰিলোঁ।”
31 এইদৰে ইস্ৰায়েলে ইমোৰীয়াসকলৰ দেশত বাস কৰিবলৈ ধৰিলে।
32 মোচিয়ে যাজেৰক গুপুতে চাবলৈ মানুহ পঠালে। তাৰ পাছত লোকসকলে তাৰ সকলো উপনগৰ হাত কৰি লৈ, তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে।
33 তেতিয়া তেওঁলোক ঘূৰি বাচানৰ বাটেদি উঠি গ’ল। তেওঁলোকৰ বিৰুদ্ধে ইদ্ৰেয়ীত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো প্ৰজাসকল ওলাল।