6 চিমিয়োন ফৈদৰ পৰা চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল।
7 যিহূদা ফৈদৰ পৰা অম্মীনাদবৰ পুত্ৰ নহচোন।
8 ইচাখৰ ফৈদৰ পৰা চূৱাৰৰ পুত্ৰ নথনেল।
9 জবূলূন ফৈদৰ পৰা হেলোনৰ পুত্ৰ ইলীয়াব।
10 যোচেফৰ সন্তানসকলৰ মাজত ইফ্ৰয়িম ফৈদৰ পৰা অম্মীহূদৰ পুত্ৰ ইলীচামা, আৰু আন এজন হ’ল, মনচি ফৈদৰ পৰা পদাচূৰৰ পুত্ৰ গম্লীয়েল।
11 বিন্যামীন ফৈদৰ পৰা গিদিয়োনীৰ পুত্ৰ অবীদান।
12 দান ফৈদৰ পৰা অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ।
13 আচেৰ ফৈদৰ পৰা আক্ৰণৰ পুত্ৰ পগীয়েল।
14 গাদ ফৈদৰ পৰা দুৱেলৰ পুত্ৰ ইলিয়াচফ।
15 নপ্তালী ফৈদৰ পৰা ঐননৰ পুত্ৰ অহীৰা।
16 এইসকল লোকেই মণ্ডলীৰ আমন্ত্ৰিত লোক আছিল। তেওঁলোক নিজ নিজ পিতৃ-বংশৰ অধ্যক্ষ আৰু ইস্ৰায়েলৰ গোষ্ঠীসকলৰ প্রধান লোক।