33 এইদৰে তেওঁলোক আৰু তেওঁলোকৰ লগৰ সকলোৱেই জীয়াই জীয়াই চিয়োললৈ নামি গ’ল; আৰু পৃথিৱী তেওঁলোকৰ ওপৰত জাপ খাই পৰিলত, তেওঁলোক সমাজৰ মাজৰ পৰা লুপ্ত হ’ল।
34 তেওঁলোকৰ চাৰিওফালে থকা গোটেই ইস্ৰায়েলে তেওঁলোকৰ চিঞঁৰ শুনি পলাল। কিয়নো তেওঁলোকে আৱেগিক হৈ কৈছিল, “পৃথিৱীয়ে কিজানি আমাকো গ্ৰাস কৰিব!”
35 তেতিয়া যিহোৱাৰ পৰা অগ্নি ওলাই ধূপ উৎসৰ্গ কৰা সেই দুশ পঞ্চাশ জনক গ্ৰাস কৰিলে।
36 আকৌ যিহোৱাই মোচিক ক’লে,
37 “তুমি হাৰোণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক অগ্নিয়ে গ্ৰাস কৰা ঠাইৰ পৰা এই সকলো আঙঠা ধৰা তুলি নিবলৈ আৰু তাৰ জুই দূৰৈত সিচঁৰিত কৰি পেলাই দিবলৈ কোৱা; কিয়নো সেইবোৰ আঙঠা ধৰা পবিত্ৰ।
38 নিজৰ প্ৰাণৰ বিৰুদ্ধে পাপ কৰা সেই লোকসকলৰ আঙঠা ধৰাবোৰ পিতাই যজ্ঞবেদী ঢাকিবৰ বাবে লোকসকলে পতা কৰক; কিয়নো তেওঁলোকে সেইবোৰ যিহোৱাৰ আগত উৎসৰ্গ কৰিলে; এইহেতুকে সেইবোৰ পবিত্ৰ; আৰু সেইবোৰ ইস্ৰায়েলৰ সন্তান সকললৈ চিন হ’ব।
39 তাতে সেই গ্ৰাসিত লোকসকলে উৎসৰ্গ কৰা পিতলৰ আঙঠা ধৰাবোৰ ইলিয়াজৰ পুৰোহিতে নিলে,
40 আৰু মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে, ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণৰ অৰ্থে, অৰ্থাৎ হাৰোণৰ বংশৰ বাহিৰে আন বংশৰ কোনো মানুহ যেন যিহোৱাৰ আগত ধূপ উৎসৰ্গ কৰিবৰ নিমিত্তে ওচৰ নাচাপে আৰু কোৰহৰ ও তাৰ দলৰ দৰে নহয়, এই কাৰণে সেইবোৰ পিতাই যজ্ঞবেদীৰ ঢাকনিৰ অৰ্থে পতা কৰা হ’ল।
41 তথাপি পাছদিনা ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজে মোচি আৰু হাৰোণৰ বিৰুদ্ধে বকি ক’লে, “তোমালোকেই যিহোৱাৰ প্ৰজাসকলক বধ কৰিলা।”
42 তেতিয়া মোচি আৰু হাৰোণৰ বিৰুদ্ধে গোট খালত, তেওঁলোকে সাক্ষাৎ কৰা তম্বুলৈ মুখ ঘূৰাই দেখিলে, যে, মেঘে তাক ঢাকিছে আৰু যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হৈছে।