Text copied!
Bibles in Assamese

গননা 16:29-37 in Assamese

Help us?

গননা 16:29-37 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 আন লোক সমূহ যি মৰণেৰে মৰে, এই মানুহ যদি তেনে মৰণেৰে মৰে বা লোকসমূহলৈ যেনে আপদ ঘটে, এই লোক সমূহৰ প্ৰতিও যদি তেনে আপদ ঘটে, তেন্তে যিহোৱাই মোক পঠোৱা নাই।
30 কিন্তু যিহোৱাই যদি নতুন কাৰ্য কৰে, আৰু যদি পৃথিৱীয়ে নিজ মুখ মেলি ইহঁতক, আৰু ইহঁতৰ সকলোকে গ্ৰাস কৰে, আৰু ইহঁত জীয়াই জীয়াই চিয়োললৈ নামি যায়, তেন্তে এওঁলোকে যে যিহোৱাক হেয়জ্ঞান কৰিলে, তাক তোমালোকে জানিবলৈ পাবা।
31 পাছত মোচিয়ে এইবোৰ কথা কৈ শেষ কৰা মাত্ৰকে, তেওঁলোকৰ তলত থকা মাটি ফাটিল,
32 আৰু পৃথিৱীয়ে নিজ মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালবোৰক আৰু কোৰহৰ আটাই লোকক আৰু তেওঁলোকৰ সৰ্ব্বস্ব গ্ৰাস কৰিলে।
33 এইদৰে তেওঁলোক আৰু তেওঁলোকৰ লগৰ সকলোৱেই জীয়াই জীয়াই চিয়োললৈ নামি গ’ল; আৰু পৃথিৱী তেওঁলোকৰ ওপৰত জাপ খাই পৰিলত, তেওঁলোক সমাজৰ মাজৰ পৰা লুপ্ত হ’ল।
34 তেওঁলোকৰ চাৰিওফালে থকা গোটেই ইস্ৰায়েলে তেওঁলোকৰ চিঞঁৰ শুনি পলাল। কিয়নো তেওঁলোকে আৱেগিক হৈ কৈছিল, “পৃথিৱীয়ে কিজানি আমাকো গ্ৰাস কৰিব!”
35 তেতিয়া যিহোৱাৰ পৰা অগ্নি ওলাই ধূপ উৎসৰ্গ কৰা সেই দুশ পঞ্চাশ জনক গ্ৰাস কৰিলে।
36 আকৌ যিহোৱাই মোচিক ক’লে,
37 “তুমি হাৰোণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক অগ্নিয়ে গ্ৰাস কৰা ঠাইৰ পৰা এই সকলো আঙঠা ধৰা তুলি নিবলৈ আৰু তাৰ জুই দূৰৈত সিচঁৰিত কৰি পেলাই দিবলৈ কোৱা; কিয়নো সেইবোৰ আঙঠা ধৰা পবিত্ৰ।
গননা 16 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019