23 অৰ্থাৎ যিহোৱাই যি দিনা তোমালোকক আজ্ঞা দিছিল, সেই দিনাৰ পৰা তোমালোকৰ পুৰুষানুক্ৰমে তেওঁ মোচিৰ দ্বাৰাই যি যি আজ্ঞা কৰিছিল, সেই সকলোকে যেতিয়া তোমালোকে ভূলক্ৰমে পালন নকৰা।
24 তেতিয়া সেয়ে যদি সমাজে নজনাকৈ ভূলক্ৰমে কৰা হয়, তেন্তে গোটেই সমাজে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোমৰ কাৰণে এটা দমৰা আৰু নিয়ম মতে তাৰ ভক্ষ্য আৰু পেয় নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা মেৰ-ছাগ উৎসৰ্গ কৰিব।
25 আৰু পুৰোহিতে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই প্ৰায়শ্চিত্ত কৰিব; তাতে তেওঁলোকক ক্ষমা কৰা হ’ব। কিয়নো তাক ভূলক্ৰমে কৰা হ’ল আৰু তেওঁলোকে সেই ভূলৰ কাৰণে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উপহাৰ, তেওঁলোকৰ অগ্নিকৃত উপহাৰ আনিলে আৰু যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ পাপাৰ্থক বলিও আনিলে।
26 এইদৰে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীক ক্ষমা কৰা হ’ব; কিয়নো সকলো লোকৰ সম্পৰ্কে সেই কাৰ্য ভূলক্ৰমে কৰা হ’ল।
27 আৰু যদি কোনো মানুহে ভূলক্ৰমে পাপ কৰে, তেন্তে, সি পাপাৰ্থক বলিস্বৰূপে এজনী এবছৰীয়া মেৰ-ছাগ উৎসৰ্গ কৰিব লাগিব।
28 আৰু যিহোৱাৰ সাক্ষাতে সেই লোকে ভূলক্ৰমে পাপ কৰাত, সেই ভূল কৰা লোকক প্ৰায়শ্চিত্ত কৰিবলৈ পুৰোহিতে তেওঁৰ বাবে প্ৰায়শ্চিত্ত কাৰ্য কৰিব; তাতে তেওঁক ক্ষমা কৰা হ’ব।
29 ইস্ৰায়েলৰ সন্তান সকলৰ স্বজাতীয় বা তেওঁলোকৰ মাজত প্ৰাবস কৰা বিদেশী হওঁক উভয়ৰে বাবে, ভূলক্ৰমে কোনো কাৰ্য কৰা লোকৰ অৰ্থে একেটা বিধি হ’ব।
30 কিন্তু স্বদেশীয় কি বিদেশীয় যি লোকে কৰোঁ বুলি পাপ কৰিব, তেওঁ যিহোৱাক অপমান কৰা হ’ব; সেই লোকক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
31 কিয়নো তেওঁ যিহোৱাৰ বাক্য হেয়জ্ঞান কৰিলে আৰু তেওঁৰ আজ্ঞা লঙ্ঘন কৰিলে; অৱশ্যে সেই মানুহক উচ্ছন্ন কৰা হ’ব আৰু তাৰ দোষ তাৰ গাতে থাকিব’।”
32 ইস্ৰায়েলৰ সন্তান সকল যেতিয়া মৰুভূমিত আছিল, তেতিয়া তেওঁলোকে বিশ্ৰাম দিনত এজনক খৰি বুটলা পালে।
33 আৰু যিসকলে তেওঁক খৰি বুটলা পাইছিল, তেওঁলোকে মোচি, হাৰোণ আৰু গোটেই সমাজৰ আগলৈ তেওঁক আনিলে।
34 আৰু তেওঁলোকে তেওঁক বন্ধ কৰি ৰাখিলে; কিয়নো তেওঁলৈ কি কৰা উচিত, সেয়ে ঠিককৈ প্ৰকাশিত হোৱা নাছিল।
35 পাছত যিহোৱাই মোচিক ক’লে, “সেই মানুহৰ প্ৰাণদণ্ড অৱশ্যে হ’ব লাগে; গোটেই সমাজে তাক ছাউনিৰ বাহিৰলৈ নি শিল দলিয়াই বধ কৰিব।
36 তেতিয়া, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, গোটেই সমাজে তেওঁক ছাউনিৰ বাহিৰলৈ লৈ গৈ, তেওঁ মৰাকৈ, তেওঁলৈ শিল দলিয়ালে।
37 পাছত যিহোৱাই আকৌ মোচিক ক’লে। তেওঁ ক’লে
38 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া; তেওঁলোকে পুৰুষানুক্ৰমে নিজ নিজ কাপোৰৰ চুকত আৰিবলৈ সূতাৰ থোপা সাজক আৰু নিজ নিজ কাপোৰৰ চুকত লগাব লগীয়া থোপাত নীল বৰণীয়া ফিতা লগাওঁক।
39 তোমালোকে যেন সেই থোপা দেখি, যিহোৱাৰ আজ্ঞাবোৰ সোঁৱৰণ কৰি পালন কৰা আৰু নিজৰ যি মন আৰু চকুৰ পাছত চলি তোমালোকে ব্যভিচাৰী হৈছিলা, সেই মন আৰু চকুৰ পাছত যেন আৰু নচলা।
40 কিন্তু মোৰ সকলো আজ্ঞা সোঁৱৰি পালন কৰি, নিজ ঈশ্বৰৰ উদ্দেশ্যে যেন পবিত্ৰ হোৱা, এই কাৰণে তোমালোকলৈ সেই থোপা হ’ব।
41 তোমালোকৰ ঈশ্বৰ যিহোৱা হ’বৰ কাৰণে, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, ময়েই তোমালোকৰ সেই ঈশ্বৰ যিহোৱা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”