Text copied!
Bibles in Assamese

গননা 13:2-13 in Assamese

Help us?

গননা 13:2-13 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 “মই ইস্ৰায়েল সন্তান সকলক যি দেশ দিম, সেই কনান দেশ গুপুতে চাবলৈ তুমি কেইজনমান মানুহ পঠোৱা। তোমালোকে তেওঁলোকৰ নিজ নিজ পিতৃ-বংশৰ প্রত্যেকখন ফৈদৰ পৰা এজন এজন অধ্যক্ষক পঠোৱা।”
3 তেতিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে মোচিয়ে পাৰণ মৰুভূমিৰ পৰা তেওঁলোকক পঠিয়ালে। তেওঁলোক সকলোৱে ইস্ৰায়েলৰ সন্তান সকলৰ মূল মানুহ আছিল।
4 তেওঁলোকৰ নাম এই এই; ৰূবেণ ফৈদৰ মাজৰ জক্কূৰৰ পুত্ৰ চম্মুৱা।
5 চিমিয়োন ফৈদৰ মাজৰ হোৰীৰ পুত্ৰ চাফট।
6 যিহূদা ফৈদৰ মাজৰ যিফুন্নিৰ পুত্ৰ কালেব।
7 ইচাখৰ ফৈদৰ মাজৰ যোচেফৰ পুত্ৰ যিগাল।
8 ইফ্ৰয়িম ফৈদৰ মাজৰ নুনৰ পুত্ৰ হোচেয়া।
9 বিন্যামীন ফৈদৰ মাজৰ ৰাফূৰ পুত্ৰ পল্টী।
10 জবূলূন ফৈদৰ মাজৰ চোদীৰ পুত্ৰ গদ্দীয়েল।
11 যোচেফ ফৈদৰ অৰ্থাৎ মনচি ফৈদৰ মাজৰ চুচীৰ পুত্ৰ গদ্দী।
12 দান ফৈদৰ মাজৰ গমল্লীৰ পুত্ৰ অম্মীয়েল।
13 আচেৰ ফৈদৰ মাজৰ মীখায়েলৰ পুত্ৰ চখূৰ।
গননা 13 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019