Text copied!
Bibles in Assamese

গননা 13:16-33 in Assamese

Help us?

গননা 13:16-33 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 এই এই নামৰ লোকসকল মোচিয়ে গুপুতে দেশ চাবলৈ পঠিয়ালে। মোচিয়ে নুনৰ পুত্ৰ হোচেয়াৰ নাম যিহোচূৱা ৰাখিলে।
17 কনান দেশ চাবলৈ পঠোৱা সময়ত মোচিয়ে তেওঁলোকক ক’লে, “তোমালোক এই দক্ষিণ অঞ্চলেদি গৈ পৰ্ব্বতত উঠাগৈ।
18 আৰু সেই দেশ কেনেকুৱা আৰু তাত বাস কৰা লোকসকল বলী নে নিৰ্ব্বলী আৰু তাকৰ নে সৰহ।
19 আৰু তেওঁলোক যি দেশত বাস কৰিছে, সেই দেশ কেনেকুৱা, ভাল নে বেয়া আৰু যি যি নগৰত তেওঁলোকে বাস কৰিছে, সেইবোৰ নগৰ কেনেধৰণৰ, মুকলি নে গড়েৰে আবৃত হোৱা?
20 আৰু সিহঁতৰ মাটি কেনেকুৱা, সাৰুৱা নে অসাৰোৱা, তাৰ মাজত গছ-গছনি আছে নে নাই, এই সকলোকে তোমালোকে চাবা। তোমালোকে সাহিয়াল হোৱা আৰু সেই দেশৰ কোনো কোনো ফল লগত আনিবা।” তেতিয়া প্ৰথমে পকা দ্ৰাক্ষাফলৰ সময় আছিল।
21 তাতে তেওঁলোকে উঠি গৈ, ছিন মৰুভূমিৰ পৰা ৰহোবলৈ, হমাতৰ প্ৰৱেশস্থানলৈকে দেশখন গুপুতে চালে।
22 তেওঁলোক দক্ষিণ অঞ্চলেদি গৈ, হিব্ৰোণলৈকে উঠিল, সেই ঠাইতে অহিমন, চেচয় আৰু তল্ময়, এই তিনিজন অনাক’ৰ সন্তান আছিল। মিচৰ দেশত থকা চোৱন নগৰ স্থাপন কৰাৰ সাত বছৰৰ আগেয়ে হিব্ৰোণ স্থাপন কৰা হ’ল।
23 পাছত তেওঁলোকে ইষ্কোল উপত্যকালৈ আহি সেই ঠাইতে এথোপা দ্ৰাক্ষাফল থকা দ্ৰাক্ষালতাৰ এটা ডাল কাটি, কানমাৰি লগাই দুজনে সাঙ্গী কৰি ল’লে আৰু কিছুমান ডালিম আৰু ডিমৰু ফলো লগত ললে।
24 ইস্ৰায়েলৰ সন্তান সকলে সেই ঠাইতে সেই দ্ৰাক্ষাৰ থোপা কাটিলে দেখি, সেই ঠাইৰ নাম ইষ্কোল উপত্যকা ৰখা হ’ল।
25 চল্লিশ দিনৰ পাছত, তেওঁলোকে দেশ চাই উলটি আহিল।
26 পাছত তেওঁলোকে পাৰণ মৰুভূমিৰ কাদেচলৈ, মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ আহি, তেওঁলোকক আৰু গোটেই সমাজক সম্বাদ দিলে আৰু সেই দেশৰ ফল তেওঁলোকক দেখুৱালে।
27 আৰু তেওঁলোকে মোচিক ক’লে, “আপুনি যি দেশলৈ আমাক পঠাইছিল, আমি সেই দেশলৈ গৈছিলোঁ। সঁচাকৈ সেই দেশ গাখীৰ আৰু মৌজোল বৈ থকা দেশ। চাওঁক এইয়া তাৰ ফল।
28 সেই দেশত থকা লোকসকল বলী আৰু নগৰবোৰ গড়েৰে আবৃত আৰু অতি ডাঙৰ। আৰু সেই ঠাইতে আমি অনাকীয়া সন্তান সকলকো দেখিলোঁ।
29 দক্ষিণ অঞ্চলত অমালেকে বাস কৰিছে। আৰু পৰ্ব্বতত হিত্তীয়া, যিবুচীয়া, আৰু ইমোৰীয়া লোকসকলে বাস কৰিছে। সমুদ্ৰৰ দাঁতিত আৰু যৰ্দ্দনৰ পাৰত কনানীয়া লোকসকলে বাস কৰিছে।”
30 পাছত কালেবে মোচিৰ আগত লোকসকলক শান্ত কৰিবৰ অৰ্থে ক’লে, “আহা, আমি একেবাৰে উঠি গৈ, তাক অধিকাৰ কৰোঁ; কিয়নো তাক জয় কৰিবলৈ অৱশ্যে আমাৰ অধিক শক্তি আছে।”
31 কিন্তু যি লোকসকল তেওঁৰ লগত গৈছিল, তেওঁলোকে ক’লে, “আমি সেই লোকসকলৰ বিৰুদ্ধে উঠি যাব নোৱাৰোঁ, কিয়নো আমাতকৈ সিহঁত বলী।”
32 এইদৰে, তেওঁলোকে যি দেশ চাবলৈ গৈছিল, ইস্ৰায়েলৰ সন্তান সকলৰ আগত সেই দেশ দুৰ্যশ কৰি ক’লে, “আমি যি দেশৰ মাজেদি চাই চাই গৈছিলোঁ; সেই দেশ নিজৰ নিবাসীসকলক গ্ৰাস কৰোঁতা দেশ। আৰু তাৰ মাজত আমি যিমান মানুহ দেখিলোঁ, তেওঁলোক অতি ওখ ওখ লোক।
33 আৰু তাৰ নাফিল বংশ অনাকৰ সন্তান নাফিলসকলক দেখি, আমাৰ মানত আমি ফৰিঙৰ নিচিনা হ’লো; আৰু সিহঁতৰ দৃষ্টিতো তেনেকুৱাই আছিলোঁ।”
গননা 13 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019