Text copied!
Bibles in Assamese

গননা 12:3-11 in Assamese

Help us?

গননা 12:3-11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 পৃথিৱীত থকা লোকসকলৰ মাজত মোচি সকলোতকৈ অতিশয় নম্ৰ লোক আছিল।
4 পাছে যিহোৱাই পোনে পোনেই মোচি, হাৰোণ আৰু মিৰিয়মক ক’লে, “তোমালোক তিনিওজন বাহিৰ হৈ সাক্ষাৎ কৰা তম্বুৰ গুৰিলৈ আহাঁ।” তাতে তেওঁলোক তিনিওজন ওলাই গ’ল।
5 তেতিয়া যিহোৱাই মেঘ-স্তম্ভত নামি আহি, তম্বুৰ দুৱাৰ মুখত স্থিতি হৈ, হাৰোণ আৰু মিৰিয়মক মাতিলে। তেতিয়া তেওঁলোক দুয়ো আগ বাঢ়ি গ’ল।
6 যিহোৱাই ক’লে, “এতিয়া তোমালোকে মোৰ বাক্য শুনা। তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়, তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম, নাইবা সপোনত তেওঁৰ লগত কথা হ’ম।
7 মোৰ দাস মোচি তেনে নহয়। তেওঁ মোৰ ঘৰৰ আটাই লোকৰ মাজত বিশ্বাসী।
8 তেওঁৰে সৈতে মই নিগূঢ় বাক্যৰ দ্বাৰাই কথা নহওঁ, কিন্তু মুখা-মুখি হৈ, স্পষ্টকৈ কথা হওঁ। আৰু তেওঁ মোৰ আকাৰ দেখে। এই হেতুকে মোৰ দাস মোচিৰ অহিতে কথা ক’বলৈ তোমালোকে কিয় ভয় নকৰিলা?”
9 তাতে তেওঁলোকলৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ প্ৰস্থান কৰিলে।
10 পাছে তম্বুৰ ওপৰৰ পৰা মেঘ গুচিলত, চোৱা, মিৰিয়মৰ গাত হিমৰ দৰে কুষ্ঠৰোগ হ’ল - তেতিয়া হাৰোণে মিৰিয়মৰ ফাললৈ মুখ ঘূৰাই চাই তেওঁক কুষ্ঠৰোগ হোৱাতো তেওঁ দেখিলে।
11 তেতিয়া হাৰোণে মোচিক ক’লে, “হায় হায় মোৰ প্ৰভু, আমি মুৰ্খৰ দৰে কাৰ্য কৰি যি পাপ কৰিলোঁ, বিনয় কৰিছোঁ, সেই পাপৰ ফল আমাক ভোগ কৰিবলৈ নিদিয়ক।
গননা 12 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019