Text copied!
Bibles in Assamese

গননা 11:19-24 in Assamese

Help us?

গননা 11:19-24 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 তোমালোকে এদিন বা দুদিন, বা পাঁচ দিন, বা দহ দিন, বা বিশ দিন যে তাক খাবা এনে নহয়;
20 সম্পূৰ্ণ এমাহলৈকে খাবা, যেতিয়ালৈকে সেয়ে তোমালোকৰ নাকেদি নোলায় আৰু ঘিণ লগা নহয়, তেতিয়ালৈকে তাক খাবা, কিয়নো তোমালোকে তোমালোকৰ মাজত থকা যিহোৱাক অগ্ৰাহ্য কৰি তেওঁৰ আগত কান্দি কান্দি এই কথা কৈছিলা যে, ‘আমি কিয় মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলোঁ’?”
21 তেতিয়া মোচিয়ে ক’লে, “যি লোকসকলৰ মাজত আছোঁ, তেওঁলোক ছয় লাখ পদাতিক; তথাপি তুমি কৈছা, ‘সম্পূৰ্ণ এমাহ খাবৰ বাবেই মই তেওঁলোকক মঙহ দিম।’
22 তেওঁলোকক আটাই মেৰ, ছাগলী আৰু গৰুৰ জাক মাৰিব লাগে নে? নাইবা তেওঁলোকক প্ৰয়োজন হোৱাকৈ সাগৰৰ আটাই মাছ গোটাব লাগে নে?”
23 তেতিয়া যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ হাত জানো চুটি হ’ল? তোমাৰ আগত মোৰ বাক্য সিদ্ধ হ’ব নে নহ’ব, তাক তুমি এতিয়া দেখিবলৈ পাবা।”
24 তেতিয়া মোচিয়ে বাহিৰলৈ গৈ, যিহোৱাৰ বাক্য লোকসকলক ক’লে, আৰু তেওঁলোকৰ বৃদ্ধ লোকৰ মাজৰ সত্তৰ জনক গোটাই তম্বুৰ চাৰিওফালে থিয় কৰিলে।
গননা 11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019