Text copied!
Bibles in Assamese

গননা 10:5-15 in Assamese

Help us?

গননা 10:5-15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 আৰু তোমালোকে ৰণত বজোৱাৰ দৰে তূৰী বজালে, পূৱফালে থকা ছাউনিবোৰ উঠি যাব।
6 আৰু দ্বিতীয়বাৰ ৰণত বজোৱাৰ দৰে তূৰী বজালে, দক্ষিণফালে থকা ছাউনিবোৰ উঠি যাব। এইক্ৰমে তেওঁবিলাকে উঠি যাবলৈ ৰণৰ দৰে তূৰী বজাব লাগিব।
7 লোকসকল গোট খাবৰ হলেও, তোমালোকে তূৰী বজাবা, কিন্তু ৰণত বজোৱাৰ দৰে নবজাবা।
8 হাৰোণৰ পুত্ৰ পুৰোহিত সকলে সেই দুটা তূৰী বজাব। তোমালোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিৰ কাৰণে তোমালোকে তাক ৰাখিবা।
9 আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰৱ কৰোঁতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই দুটা তূৰী ৰণত বজোৱাৰ দৰে বজাবা। তেতিয়া মই, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক সোঁৱৰণ কৰিব আৰু তোমালোকক তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ পাবা।
10 আৰু আমোদৰ দিনতো, পৰ্ব্বৰ দিনত আৰু মাহৰ আৰম্ভণত, তোমালোকৰ হোম-বলিৰ আৰু মঙ্গলাৰ্থক বলিৰ কাষত তোমালোকে সেই তূৰী বজাবা; তাতে সেয়ে তোমালোকৰ ঈশ্বৰৰ সাক্ষাতে তোমালোকৰ সোঁৱৰণৰ উপায় হ’ব। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”
11 পাছত দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ বিশ দিনৰ দিনা সেই মেঘ সাক্ষ্য-ফলি থকা আবাসৰ ওপৰৰ পৰা নিয়া হ’ল।
12 তাতে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰাৰ নিয়ম অনুসাৰে চীনয় অৰণ্যৰ পৰা প্ৰস্থান কৰিলে; পাছত সেই মেঘ পাৰণ মৰুভুমিত ৰ’ল।
13 মোচিৰ যোগেদি যিহোৱাই আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে এই প্ৰথম বাৰ যাত্ৰা কৰিলে।
14 প্ৰথমে যিহূদাৰ সন্তান সকলৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্য দল অনুসাৰে প্ৰস্থান কৰিলে। আৰু অম্মীনাদবৰ পুত্ৰ নহচোন তেওঁলোকৰ সেনাপতি আছিল।
15 আৰু চূৱাৰৰ পুত্ৰ নথনেলে ইচাখৰ ফৈদৰ সেনাপতি আছিল।
গননা 10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019