Text copied!
Bibles in Assamese

গননা 10:3-8 in Assamese

Help us?

গননা 10:3-8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 সেই দুটা তূৰী বজালে, গোটেই লোকসকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তোমাৰ গুৰিত গোট খাব।
4 কিন্তু এটা তূৰী বজালে, অধ্যক্ষসকল ইস্ৰায়েলৰ সন্তান সকলৰ গোষ্ঠীসকলৰ মূল মানুহ তোমাৰ গুৰিত গোট খাব।
5 আৰু তোমালোকে ৰণত বজোৱাৰ দৰে তূৰী বজালে, পূৱফালে থকা ছাউনিবোৰ উঠি যাব।
6 আৰু দ্বিতীয়বাৰ ৰণত বজোৱাৰ দৰে তূৰী বজালে, দক্ষিণফালে থকা ছাউনিবোৰ উঠি যাব। এইক্ৰমে তেওঁবিলাকে উঠি যাবলৈ ৰণৰ দৰে তূৰী বজাব লাগিব।
7 লোকসকল গোট খাবৰ হলেও, তোমালোকে তূৰী বজাবা, কিন্তু ৰণত বজোৱাৰ দৰে নবজাবা।
8 হাৰোণৰ পুত্ৰ পুৰোহিত সকলে সেই দুটা তূৰী বজাব। তোমালোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিৰ কাৰণে তোমালোকে তাক ৰাখিবা।
গননা 10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019