Text copied!
Bibles in Assamese

উপ 9:8-15 in Assamese

Help us?

উপ 9:8-15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 সকলো সময়তে বস্ত্ৰ বগা বস্ত্র পিন্ধি আৰু মূৰত তেল দি আনন্দ প্রকাশ কৰিবা।
9 সূৰ্যৰ তলত ঈশ্বৰে তোমাক এই যি সকলো অস্থায়ী আয়ুসৰ কাল দিছে, তোমাৰ জীৱনৰ সেই সকলো অসাৰ দিনত তোমাৰ ভার্যা, যাক তুমি ভালপোৱা, তেওঁৰে সৈতে আনন্দেৰে জীৱন কটোৱা। কিয়নো সূর্যৰ তলত তোমাৰ জীৱনকালত আৰু তোমাৰ পৰিশ্রমত এয়ে তোমাৰ পাবলগা ভাগ।
10 তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।
11 সূর্যৰ তলত মই পুনৰ কিছুমান আমোদজনক বিষয় দেখিলোঁ: যিসকলে বেগেৰে লৰ মাৰে, তেওঁলোকেই যে সকলো সময়তে জয়ী হয়, এনে নহয়; বীৰসকলেই যে সকলো সময়তে ৰণত জয়ী হয়, এনে নহয়; জ্ঞানীসকলেই যে সকলো সময়তে পেট ভৰাই খাবলৈ পায়, এনে নহয়; বুদ্ধিমান লোকেই যে সকলো সময়তে ধনী হয়, এনে নহয়; বিদ্বান লোকেই যে সকলো সময়তে সুযোগ পায়, এনে নহয়; পৰিবর্তে, সময় আৰু সুযোগৰ দ্বাৰা তেওঁলোক সকলো প্রভাৱান্বিত হয়।
12 কোনেও নাজানে তেওঁৰ মৃত্যুৰ সময় কেতিয়া আহিব। যেনেকৈ মাছ নিষ্ঠুৰ জালত পৰে আৰু চৰাইবোৰ ফান্দত ধৰা পৰে, তেনেকৈ বিপদ হঠাতে মানুহৰ ওপৰলৈ আহে আৰু তেওঁক ফান্দত পেলায়।
13 মই সূৰ্যৰ তলত প্রজ্ঞা সম্বন্ধে আন এক বিষয় দেখিলোঁ আৰু সেয়ে মোলৈ অতি গুৰুতৰ বোধ হ’ল।
14 এখন সৰু নগৰত অতি তাকৰ মানুহ আছিল; এজন শক্তিশালী ৰজাই নগৰখনৰ বিৰুদ্ধে আহি তাক অৱৰোধ আক্রমণ কৰিবলৈ বৰ বৰ কোঁঠ সাজিলে।
15 সেই নগৰত এজন জ্ঞানৱান দৰিদ্ৰ মানুহক পোৱা গ’ল; তেওঁ নিজৰ প্ৰজ্ঞাৰ দ্বাৰাই নগৰখন ৰক্ষা কৰিলে; কিন্তু কোনেও সেই দৰিদ্ৰ মানুহজনক সোঁৱৰণ নকৰিলে।
উপ 9 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019