Text copied!
Bibles in Assamese

উপ 5:10-16 in Assamese

Help us?

উপ 5:10-16 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 যি মানুহে ধন-ৰূপ ভাল পায়, তেওঁ কেতিয়াও ধন-ৰূপত তৃপ্ত নহয়; যি মানুহে অধিক ধন-সম্পত্তি বিচাৰে, তেওঁ আয়ত তৃপ্ত নহয়। ইও অসাৰ।
11 ধন-সম্পত্তি বাঢ়িলে খাওঁতাও বাঢ়ে; এতেকে তাক চকুৰে দেখাৰ বাহিৰে সেই সম্পত্তিত গৰাকীৰ কি লাভ?
12 যি জনে পৰিশ্রম কৰে, তেওঁ কম খাওঁক বা বেচি খাওঁক, তেওঁৰ টোপনি ভাল হয়। কিন্তু ধনৱানৰ অধিক ধন-সম্পত্তিয়ে তেওঁক টোপনি যাব নিদিয়ে।
13 সূৰ্যৰ তলত মই এক ভীষণ দুখৰ বিষয় দেখিলোঁ: ঐশ্বর্যৰ গৰাকীয়ে নিজৰ দুর্দশাৰ কাৰণেহে ধন জমা কৰি ৰাখে।
14 দুৰ্ঘটনাত সেই ধন ধ্বংস হৈ যায়। তাতে তেওঁৰ পুত্ৰৰ কাৰণে একোৱেই নাথাকে।
15 মাকৰ গৰ্ভৰ পৰা মনুষ্য যেনেকৈ উদঙে আহে, তেনেকৈ তেওঁ উদঙে এই জীৱন এৰি পুনৰায় গুছি যায়। নিজৰ পৰিশ্ৰমৰ একোৱেই তেওঁ হাতত লৈ যাব নোৱাৰে।
16 ইও এক ভীষণ দুখৰ বিষয় যে, এজন ব্যক্তি যেনেকৈ আহে, তেনেকৈয়ে গুছি যায়; সেয়ে তেওঁৰ কি লাভ? তেওঁতো বতাহক ধৰিবলৈহে পৰিশ্ৰম কৰে।
উপ 5 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019