Text copied!
Bibles in Assamese

উপ 2:8-18 in Assamese

Help us?

উপ 2:8-18 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 মই অনেক ৰূপ আৰু সোণ, অন্যান্য ৰজাসকলৰ আৰু বিভিন্ন প্ৰদেশৰ ধন-সম্পদ আনি নিজৰ কাৰণে জমা কৰিলোঁ; মোৰ কাৰণে অনেক গায়ক-গায়িকা আৰু মাংসক সন্তোষ দিওঁতা অনেক উপপত্নী আছিল।
9 মোৰ আগেয়ে যিৰূচালেমত যিসকল আছিল, তেওঁলোকতকৈ মই অনেক বেচি মহান আৰু ঐশ্বর্যশালী হ’লো। তেতিয়াও প্রজ্ঞা মোৰ লগত আছিল।
10 মোৰ চকুত যি ভাল লাগে, মই সেইবোৰৰ পৰা আতৰাই নাৰাখিলোঁ; মই মোৰ মনক কোনো আমোদ-প্রমোদৰ পৰা আটক নকৰিলোঁ, কিয়নো মোৰ সকলো কার্যত মোৰ মনে আনন্দ কৰে; আৰু আনন্দই মোৰ সকলো পৰিশ্ৰমৰ পুৰস্কাৰ আছিল।
11 তাৰ পাছত মই মোৰ হাতে যি যি কাৰ্য কৰিলে, আৰু তাক কৰিবলৈ মই যি পৰিশ্ৰম কৰিলোঁ, তাক চাই দেখিলোঁ যে, সেই সকলো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়; সূৰ্যৰ তলত একোতেই লাভ নাই।
12 পাছত মই প্রজ্ঞা, বলিয়ালি আৰু অজ্ঞানতাৰ কথা চিন্তা কৰিলোঁ; ৰজাৰ পাছত যিজন পৰৱর্তী ৰজা আহিব, তেওঁ কি কৰিব পাৰে? কেৱল ইতিমধ্যে যি যি কৰা হৈছে, তাকেই কৰিব।
13 মই দেখিলোঁ, অন্ধকাৰতকৈ পোহৰ যেনেকৈ উত্তম, তেনেকৈ অজ্ঞানতকৈ প্রজ্ঞা উত্তম।
14 জ্ঞানী মানুহৰ মূৰত চকু থাকে; কিন্তু অজ্ঞান লোকে হ’লে অন্ধকাৰত ভ্ৰমণ কৰে; তথাপি মই এটাই বুজিলো যে, সকলোৰে শেষ দশা একে হয়।
15 তেতিয়া মই মনতে ক’লোঁ, অজ্ঞানলৈ যেনে দশা হয়, মোলৈকোতো তেনে দশাই হ’ব; তেনেহ’লে অধিক জ্ঞানী হৈ মোৰ কি লাভ হ’ল? মই মনতে ক’লোঁ, “ইও অসাৰ।”
16 মানুহে অজ্ঞানীক যেনেদৰে মনত নাৰাখে, তেনেদৰে জ্ঞানীকো বেছি দিন মনত নাৰাখে; ভবিষ্যতে তেওঁলোক দুয়োকে মানুহে পাহৰি যাব। অজ্ঞানীজন মৰাৰ দৰে জ্ঞানীও মৰে।
17 এই হেতুকে জীৱনলৈ মোৰ ঘৃণা উপজিল। কাৰণ সূৰ্যৰ তলত যি কৰা হয়, সেই সকলো কাৰ্য মোৰ পক্ষে দুখজনক; কিয়নো সকলোৱেই অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
18 সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, সেই সকলো পৰিশ্ৰমত মোৰ এতিয়া ঘিণ লাগিছে; কিয়নো মোৰ পাছত যিজন আহিব, তেওঁৰ বাবেইতো তাৰ ফল থৈ যাব লাগিব।
উপ 2 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019