Text copied!
Bibles in Assamese

উপ 1:10-14 in Assamese

Help us?

উপ 1:10-14 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 এনে কিবা আছেনে, যাৰ বিষয়ে মানুহে ক’ব পাৰে যে, ‘চোৱা এইটো নতুন’? যি যি বিদ্যমান, ইতিমধ্যে বহু দিন ধৰি আছিল, আমাৰ যুগৰ আগতেও বিদ্যমান আছিল।
11 অতীতত ঘটা বিষয়বোৰৰ কথা কাৰো মনত নাই; অনেক পাছত যি ঘটিছিল, আৰু ভৱিষ্যতেও যি যি হ’ব, সেই বিষয়েও মানুহে সোঁৱৰণ নকৰিব।”
12 মই উপদেশক; মই যিৰূচালেমত ইস্ৰায়েলৰ ওপৰত ৰজা আছিলোঁ।
13 আকাশৰ তলত যি যি কৰা হয়, তাক জ্ঞানৰ দ্বাৰা পৰীক্ষা আৰু অনুসন্ধান কৰিবৰ কাৰণে মই মনতে স্থিৰ কৰিলোঁ। মই দেখিলোঁ, ঈশ্বৰে মনুষ্যক ব্যস্ত ৰাখিবলৈ ই এক দুর্বহ কার্যভাৰ।
14 সূর্যৰ তলত যি যি কৰা হয়, সেই সকলোকে মই চালোঁ; দেখিলোঁ, এই সকলো অসাৰ আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা।
উপ 1 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019