Text copied!
Bibles in Assamese

উপ 10:3-16 in Assamese

Help us?

উপ 10:3-16 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 বাটত খোজকঢ়াৰ সময়তো এজন অজ্ঞানীৰ বুদ্ধিৰ অভাৱ দেখা যায় আৰু সকলোৰে আগত তেওঁৰ অজ্ঞানতা প্ৰকাশ কৰে।
4 অধিপতি যদি তোমাৰ ওপৰত ক্রুদ্ধ হয়, তথাপিও তুমি তোমাৰ পদ ত্যাগ নকৰিবা; কিয়নো শান্তভাৱে থাকিলে ডাঙৰ ডাঙৰ অন্যায়কো শান্ত কৰিব পাৰি।
5 অধিপতিৰ পৰা উৎপন্ন হোৱা এক প্রকাৰ ভ্ৰান্তি আৰু এক দুষ্টতাৰ বিষয় মই সূৰ্যৰ তলত দেখিলোঁ।
6 অজ্ঞানীসকলক উচ্চ পদবোৰত নিযুক্ত কৰা হয় আৰু সফল লোক নিম্ন পদত নিযুক্ত হয়।
7 মই দাসক ঘোঁৰাত উঠি যোৱা, আৰু অধিপতিক দাসৰ দৰে মাটিত খোজ কাঢ়ি যোৱা দেখিছোঁ।
8 যি মানুহে গাত খান্দে, তেওঁ তাৰ ভিতৰত পৰিব পাৰে; যি মানুহে শিলৰ দেৱাল ভাঙে তেওঁক সাপে খুঁটিব পাৰে।
9 যি মানুহে শিলবোৰ কাটে, তেওঁ তাৰ দ্বাৰাই আঘাত পাব পাৰে। যি মানুহে কাঠ ডোখৰ ডোখৰ কৰে, তেওঁ তাৰ দ্বাৰাই বিপদত পৰিব পাৰে।
10 কুঠাৰ যদি ভোঁতা হয় আৰু তাক ধাৰ দিয়া নহয়, তেন্তে তাক ব্যৱহাৰ কৰিবলৈ অধিক বল লাগে; কিন্তু সফলতাৰ কাৰণে জ্ঞানৰ ব্যৱহাৰ উপযোগী।
11 মন্ত্ৰৰে মুগ্ধ কৰাৰ আগেয়েই যদি সাপে খুটে, তেন্তে মন্ত্ৰ গাওঁতাজনৰ কোনো লাভ নাই।
12 জ্ঞানৱান লোকৰ মুখৰ কথাই খ্যাতি আনে; কিন্তু অজ্ঞানীৰ ওঁঠে নিজকে ধ্বংস কৰে।
13 অজ্ঞানীৰ কথাৰ আৰম্ভণিতেই নির্বুদ্ধিতা থাকে আৰু তেওঁৰ কথাৰ শেষত দুষ্ট বিচাৰবুদ্ধিহীনতা থাকে।
14 অজ্ঞানী লোকে অনেক কথা কয়; কিন্তু কি হব, তাক কোনেও নাজানে; ভৱিষ্যত কালত কি ঘটিব, সেই কথা মানুহক কোনে জনাব পাৰে?
15 অজ্ঞানী লোকৰ পৰিশ্ৰমেই তেওঁলোকক ক্লান্ত কৰে, নগৰলৈ যোৱা বাটকো তেওঁ নাজানে।
16 দেশৰ ৰজা যেতিয়া অল্পবয়সীয়া হ’য়, সেই দেশ অস্থিৰ হয়; মন্ত্ৰীসকলে ৰাতিপুৱাতেই ভোজ খায়।
উপ 10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019