4 হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰৰ চর্বি উৎসৰ্গ কৰিলে। যিহোৱাই হেবলক আৰু তেওঁৰ উৎসর্গ গ্ৰহণ কৰিলে;
5 কিন্তু কয়িনক আৰু তেওঁৰ উৎসৰ্গক হলে গ্ৰহণ নকৰিলে। সেয়ে কয়িনৰ অতিশয় খং উঠিল আৰু তেওঁৰ মুখো ক’লা পৰি গ’ল।
6 তেতিয়া যিহোৱাই কয়িনক ক’লে, “কিয় খং কৰিছা আৰু কেলেই বা মুখ ক’লা কৰি আছা?
7 তুমি যদি ভাল কাম কৰা, তেন্তে জানো তোমাক গ্ৰহণ কৰা নহ’ব? কিন্তু যদি ভাল কাম নকৰা, তেন্তে পাপে তোমাক তাৰ বশ কৰিবলৈ দুৱাৰ মুখত খাপ পাতি থাকে; সেয়ে তুমি তাক দমন কৰিব লাগে।”
8 তাৰ পাছত এদিন খেতি-পথাৰত থকাৰ সময়ত কয়িনে ভায়েক হেবলৰ লগত কথা কৈ আছিল আৰু তেতিয়া কয়িনে নিজ ভায়েক হেবলৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰিলে।
9 তেতিয়া যিহোৱাই কয়িনক সুধিলে, “তোমাৰ ভাই হেবল ক’ত আছে?” কয়িনে ক’লে, “মই নেজানো, মই মোৰ ভাইৰ ৰখীয়া নেকি?”
10 তেতিয়া যিহোৱাই ক’লে, “তুমি কি কৰিলা? তোমাৰ ভাইৰ তেজে ভূমিৰ পৰা মোলৈ চিঞৰি মাতিছে।
11 সেয়ে যি ভূমিয়ে তোমাৰ হাতৰ পৰা তোমাৰ ভাইৰ তেজ গ্ৰহণ কৰিবৰ কাৰণে মুখ মেলিলে, সেই ভূমিৰ পৰাই তুমি অভিশপ্ত হ’লা।
12 এতিয়াৰে পৰা তুমি ভূমিত খেতি কৰিলেও ভুমিৰ পৰা উৎপাদিত বহু শস্য তুমি নাপাবা। তুমি পৃথিবীত পলৰীয়া আৰু থানথিত নোহোৱা হ’বা।”
13 তেতিয়া কয়িনে যিহোৱাক ক’লে, “এই শাস্তি মোৰ বাবে অসহনীয়।
14 আজি আপুনি মোক ভূমিৰ পৰা খেদি পঠালে; মই আপোনাৰ সন্মুখৰ পৰা লুকাই থকিব লগা হ’ব; এই পৃথিবীত পলৰীয়া হৈ মই যেতিয়া ঘূৰি ফুৰিব লগা হ’ব, তেতিয়া যেয়ে মোক পাব তেৱেঁ মোক বধ কৰিব।”
15 তেতিয়া যিহোৱাই তেওঁক ক’লে, “তেনেহলে যি কোনোৱে তোমাক বধ কৰিব, তেওঁৰ ওপৰত সাতগুণ প্ৰতিশোধ লোৱা হ’ব।” তাৰ পাছত যিহোৱাই কয়িনৰ বাবে এনে এটা চিন দিলে যেন কোনেও তেওঁক পাই বধ নকৰে।
16 তাৰ পাছত কয়িনে যিহোৱাৰ সন্মুখৰ পৰা ওলাই গৈ, এদনৰ পূব দিশে থকা নোদ দেশত বাস কৰিলে।