Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - ৰোমীয়া - ৰোমীয়া 7

ৰোমীয়া 7:4-11

Help us?
Click on verse(s) to share them!
4সেইদৰে, হে মোৰ ভাই সকল, আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন কৰোঁ, এই কাৰণে আপোনালোকো আন এজনৰ, অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা উত্থিত কৰোঁতা জনৰ হ’বলৈ, খ্ৰীষ্টৰ শৰীৰৰ যোগেদি বিধানৰ সম্বন্ধে মৃত হ’ল।
5কিয়নো যেতিয়া আমি মাংসৰ বশত আছিলোঁ, তেতিয়া মৃত্যুলৈ ফল উৎপন্ন কৰিবলৈ, বিধানৰ যোগেদি হোৱা পাপৰ অভিলাষবোৰৰ বাবে আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰে নিজ নিজ কাৰ্য সাধন কৰিলে।
6কিন্তু এতিয়া আমি বিধানৰ পৰা মুক্ত হ’লো; যিহতে বন্ধ আছিলোঁ, তাৰ সম্বন্ধে আমি মৃত হ’লো৷ গতিকে এতিয়া আমি আখৰৰ লিখনিৰ প্ৰাচীনতাৰে নহয়, কিন্তু আত্মাৰ নতুনতাৰে সেৱাকৰ্ম কৰোঁ।
7তেনেহলে আমি কি ক’ম? বিধানেই পাপ নে? এনে নহওক। কিন্তু পাপনো কি, সেই মই বিষয়ে আগতে নাজানিছিলোঁ; কেৱল বিধানৰ যোগেদিহে জানিবলৈ পালোঁ৷ “কিয়নো তুমি লোভ নকৰিবা,” বিধানে ইয়াক নোকোৱা হ’লে, লোভ নো কি সেই বিষয়ে নাজানিলোহেঁতেন৷
8কিন্তু পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোৰ অন্তৰত লোভ আদি সকলো অভিলাষ সাধন কৰিলে, কিয়নো বিধান অবিহনে পাপ মৃত।
9পুৰ্বতে বিধান অবিহনে মই জীয়াই আছিলোঁ, কিন্তু পাছত সেই আজ্ঞা অহাত, পাপ পুনৰায় জীয়াই উঠিল আৰু মই মৰিলোঁ।
10দেখা গ’ল যে, জীৱনৰ কাৰণে দিয়া যি আজ্ঞা, সেই আজ্ঞা মোৰ বাবে মৃত্যুজনক হ’ল৷
11কিয়নো পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোক ভুলায় আৰু তাৰ দ্বাৰাই ই মোক বধ কৰিলে।

Read ৰোমীয়া 7ৰোমীয়া 7
Compare ৰোমীয়া 7:4-11ৰোমীয়া 7:4-11