17কাৰণ তেওঁলোকে দুষ্টতাৰূপ পিঠা ভোজন কৰে, আৰু উপদ্ৰৱৰূপ দ্ৰাক্ষাৰস পান কৰে।
18ধাৰ্মিকলোকৰ পথ সূৰ্যদয়ৰ দীপ্তিৰ দৰে, সেয়ে উজ্জলতাৰ পৰা উজ্জলতালৈ গতি কৰে।
19দুষ্টবোৰৰ পথ অন্ধকাৰৰ নিচিনা; সিহঁতে কিহত উজুতি খায় তাক নাজানে।
20হে মোৰ পুত্র, মোৰ বাক্যলৈ মনোযোগ দিয়া, মই কোৱা কথা শুনা।
21সেইবোৰ তোমাৰ দৃষ্টিৰ পৰা দূৰ হব নিদিবা; সেইবোৰ তোমাৰ হৃদয়ত বান্ধি ৰাখা।