20সেই সকলো তেল আমঠু দুটাৰ ওপৰত হ’ল; আৰু তেতিয়া তেওঁ বেদীৰ ওপৰত সেই তেল দগ্ধ কৰিলে।
21আৰু মোচিৰ আজ্ঞা অনুসাৰে, হাৰোণে যিহোৱাৰ সন্মূখত আমঠু দুটা আৰু সোঁ কৰঙনটো দোলনীয় উপহাৰৰ অৰ্থে দোলালে।
22তেতিয়া হাৰোণে তেওঁলোকৰ ফাললৈ হাত দাঙি তেওঁলোকক আশীৰ্ব্বাদ কৰিলে; এইদৰে তেওঁ পাপাৰ্থক বলি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰি নামি আহিল।
23পাছত মোচি আৰু হাৰোণ সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সোমাল আৰু তেওঁলোকে বাহিৰ ওলাই লোকসকলক আশীৰ্ব্বাদ কৰিলে; তেতিয়া সকলো লোকসকলৰ আগত যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হ’ল।