Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 4

লেবীয়া 4:6-12

Help us?
Click on verse(s) to share them!
6আৰু পুৰোহিত জনে সেই তেজত নিজৰ আঙুলি জুবুৰিয়াই পবিত্ৰ স্থানৰ প্ৰভেদক বস্ত্ৰৰ আগফালে যিহোৱাৰ সন্মুখত সাতবাৰ তাৰ কিছু তেজ ছটিয়াই দিব।
7পুৰোহিত জনে তাৰে কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ ভিতৰত যিহোৱাৰ সন্মুখত থকা সুগন্ধি ধূপৰ বেদীৰ শিঙত লগাব; তেওঁ ভতৰা গৰুটোৰ বাকী তেজখিনি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত থকা হোম-বেদিৰ মূলত ঢালি দিব।
8আৰু পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা ষাঁড়-গৰুটোৰ আটাইবোৰ তেল এৰুৱাই ল’ব; তাৰ নাড়ী-ভুৰু ঢকা তেল, নাড়ীত লাগি থকা আটাই তেল,
9ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ - তেওঁ এই সকলো এৰুৱাই ল’ব।
10মঙ্গলাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা ষাঁড়-গৰুটোৰ তেল যেনেকৈ এৰুৱাই লয়, তেনেকৈ এইটোৰো এৰুৱাই ল’ব। তেতিয়া পুৰোহিতে সেই সকলো হোমবেদিৰ ওপৰত দগ্ধ কৰিব।
11পাছত সেই ষাঁড়-গৰুটোৰ ছাল আৰু অৱশিষ্ট মঙহ, মূৰ আৰু ঠেং, নাড়ী-ভুৰু আৰু গোবৰৰ সৈতে,
12ষাঁড়-গৰুটোৰ ৰৈ যোৱা সকলো অৱশিষ্ট অংশ ছাউনিৰ বাহিৰত মোৰ কাৰণে, সেই শুচি কৰা ছাঁই পেলোৱা ঠাইলৈ লৈ আনিব; আনিব; আৰু সেইবোৰ কাঠৰ ওপৰত তুলি জুইত জ্বলাই ভষ্ম কৰিব লাগিব, আৰু সেইবোৰ ছাঁই পেলাই দিয়া ঠাইতহে পুৰি ভষ্ম কৰিব লাগিব।

Read লেবীয়া 4লেবীয়া 4
Compare লেবীয়া 4:6-12লেবীয়া 4:6-12