Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 27

লেবীয়া 27:4-18

Help us?
Click on verse(s) to share them!
4কিন্তু স্ত্ৰীৰ বাবে হ’লে, তোমাৰ নিৰূপিত মূল্য ত্ৰিশ চেকল হ’ব।
5আৰু যদি পাঁচ বছৰতকৈ অধিক আৰু বিশ বছৰতকৈ কম বয়সীয়া হয়, তেন্তে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য বিশ চেকল হ’ব আৰু স্ত্রীৰ বাবে দহ চেকল হ’ব।
6আৰু যদি এমাহতকৈ অধিক আৰু পাঁচ বছৰতকৈ কম বয়সীয়া হয়, তেন্তে ল’ৰাৰ বাবে তোমাৰ নিৰূপিত মূল্য পাঁচ চেকল হ’ব আৰু ছোৱালীৰ বাবে তিনি চেকল ৰূপ হ’ব।
7আৰু যদি ষাঠি বছৰ ও তাতকৈ অধিক বয়সীয়া হয়, তেনেহলে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য পোন্ধৰ চেকল আৰু স্ত্ৰীৰ বাবে দহ চেকল ৰূপ হ’ব।
8কিন্তু যদি লোকজন দুখীয়া হয় আৰু তুমি নিৰূপণ কৰা মূল্য তেওঁ দিবলৈ যদি অক্ষম হয়, তেন্তে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব; সঙ্কল্প কৰা লোকজনৰ সমৰ্থ অনুসাৰে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব।
9আৰু যদি যিহোৱাৰ উদ্দেশ্যে কোনো পশু উৎসৰ্গ কৰিবলৈ খোজে আৰু সেই পশু যদি যিহোৱাৰ দৃষ্টিত গ্রহণযোগ্য হয়, তেন্তে সেই পশু সম্পূর্ণৰূপে তেওঁৰ হ’ব।
10তেওঁ তাৰ অন্যথা বা সলনি নকৰিব, বেয়াৰ সলনি ভাল বা ভালৰ সলনি বেয়া নিদিব; যদি তেওঁ কোনো ৰূপে পশু সলনি কৰে, তেন্তে সেইটো আৰু তাৰ সলনি দিয়াটো পবিত্ৰ হ’ব।
11আৰু যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব নোৱাৰা কোনো অশুচি পশু যদি হয়, তেন্তে তেওঁ সেই পশু পুৰোহিতৰ ওচৰলৈ আনিব।
12সেই পশুৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে বজাৰ দৰৰূপে মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।
13গৰাকীয়ে যদি কোনো ৰূপে তাক মুকলি কৰিব খোজে, তেন্তে তেওঁ তোমাৰ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব।
14আৰু যদি কোনো লোকে তেওঁৰ ঘৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হবলৈ ইচ্ছা কৰে, তেন্তে সেই ঘৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।
15আৰু গৰাকীয়ে তেওঁ পবিত্ৰ কৰা ঘৰ যদি মোকলাব খোজে, তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেচিকৈ দিব; আৰু তেতিয়া সেই ঘৰ তেওঁৰ হ’ব।
16আৰু যদি কোনোৱে নিজৰ আধিপত্যৰ মাটি কোনো এভাগ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব খোজে, তেন্তে তাত সিচাঁ কঠিয়া অনুসাৰে তোমাৰ নিৰূপিত মূল্য হব। এক হোমৰ যৱ সিঁচিবা পৰা মাটিৰ মূল্য পঞ্চাশ চেকল ৰূপ হ’ব।
17যদি তেওঁ যোৱেল বছৰ যোৱা মাত্ৰকে নিজৰ সেই ডোখৰ মাটি পবিত্ৰ কৰে, তেন্তে তোমাৰ নিৰূপিত মূল্য অনুসাৰে সেয়ে স্থিৰ হ’ব।
18আৰু যদি তেওঁ যোৱেল বছৰৰ কিছু কালৰ পাছত নিজৰ মাটি পবিত্ৰ কৰে, তেন্তে পুৰোহিতে যোৱেল বছৰলৈকে বাকী থকা বছৰৰ সংখ্যা অনুসাৰে তালৈ হিচাপ কৰিব আৰু নিৰূপিত মূল্য কম কৰা হ’ব।

Read লেবীয়া 27লেবীয়া 27
Compare লেবীয়া 27:4-18লেবীয়া 27:4-18