Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 27

লেবীয়া 27:14-32

Help us?
Click on verse(s) to share them!
14আৰু যদি কোনো লোকে তেওঁৰ ঘৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হবলৈ ইচ্ছা কৰে, তেন্তে সেই ঘৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।
15আৰু গৰাকীয়ে তেওঁ পবিত্ৰ কৰা ঘৰ যদি মোকলাব খোজে, তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেচিকৈ দিব; আৰু তেতিয়া সেই ঘৰ তেওঁৰ হ’ব।
16আৰু যদি কোনোৱে নিজৰ আধিপত্যৰ মাটি কোনো এভাগ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব খোজে, তেন্তে তাত সিচাঁ কঠিয়া অনুসাৰে তোমাৰ নিৰূপিত মূল্য হব। এক হোমৰ যৱ সিঁচিবা পৰা মাটিৰ মূল্য পঞ্চাশ চেকল ৰূপ হ’ব।
17যদি তেওঁ যোৱেল বছৰ যোৱা মাত্ৰকে নিজৰ সেই ডোখৰ মাটি পবিত্ৰ কৰে, তেন্তে তোমাৰ নিৰূপিত মূল্য অনুসাৰে সেয়ে স্থিৰ হ’ব।
18আৰু যদি তেওঁ যোৱেল বছৰৰ কিছু কালৰ পাছত নিজৰ মাটি পবিত্ৰ কৰে, তেন্তে পুৰোহিতে যোৱেল বছৰলৈকে বাকী থকা বছৰৰ সংখ্যা অনুসাৰে তালৈ হিচাপ কৰিব আৰু নিৰূপিত মূল্য কম কৰা হ’ব।
19আৰু যদি সেই মাটি পবিত্ৰ কৰাজনে কোনো ৰূপে তাক মুকলি কৰিব খোজে তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব, তাতে সেইয়ে তেওঁৰ নিজৰ হ’ব।
20কিন্তু যদি তেওঁ সেই মাটি মুকলি নকৰে বা যদি আন কোনোজনক বেচি দিয়ে, তেন্তে তাক আৰু মোকলোৱা নাযাব।
21কিন্তু সেই মাটি যোৱেল বছৰত মুকলি হৈ, বৰ্জিত কৰি দিয়া মাটিৰ নিচিনাকৈ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; আৰু তাত পুৰোহিতৰহে অধিকাৰ থাকিব।
22আৰু যদি কোনোৱে নিজৰ পৈত্রিক ভুমিৰ বাহিৰে নিজে কিনি লোৱা মাটি এডোখৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰে,
23তেন্তে যোৱেল বছৰলৈকে তুমি নিৰূপণ কৰা মূল্য পুৰোহিতে তাক হিচাপ কৰা দিব; তেওঁ সেই দিনাই, যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হোৱা বস্তুৰূপে তোমাৰ নিৰূপিত মূল্য দিব।
24সেই মাটি যাৰ পৰা কিনা হৈছিল, তেওঁ, সেই মাটিৰ যাৰ স্বত্ত্ব আছিল, তেওঁৱেই যোৱেল বছৰত তাক পুনৰায় পাব।
25আৰু তুমি নিৰূপণ কৰা আটাই মূল্য পবিত্ৰ স্থান চেকল অনুসাৰে হব; বিশ গেৰাই এক চেকল হয়।
26তথাপি প্ৰথমে জগা বুলি যি পশু যিহোৱাৰ, পশুবোৰৰ মাজত সেই প্ৰথমে জগা পশু কোনেও পবিত্ৰ কৰিব নোৱাৰিব; গৰু, মেৰ, বা ছাগলী হওক, সেয়ে যিহোৱাৰেই।
27যদি সেই পশু অশুচি পশু হয়, তেন্তে উৎসৰ্গ কৰা জনে নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছলৈ দি তাক মোকলাব পাৰে। মোকলোৱা নহ’লে, নিৰূপণ কৰা মূল্যত তাক বেচা যাব।
28তথাপি মানুহ বা পশু হওক বা নিজ আধিপত্যৰ মাটিয়েই হওক, যি কোনো মানুহে নিজৰ সৰ্ব্বস্বৰ পৰা যিহোৱাৰ উদ্দেশ্যে বৰ্জিত কৰি দিয়ে, সেই বৰ্জিত বস্তু বেচা মোকলোৱা নাযাব; প্ৰত্যেক বৰ্জিত বস্তু যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
29মানুহৰ মাজত যাক বৰ্জিত কৰি দিয়া হয়, সেই বৰ্জিত লোকক মোকলোৱা নাযাব; নিশ্চয়ে তেওঁক বধ কৰা হ’ব।
30আৰু ভুমিৰ শস্য বা গছৰ গুটিয়েই হওক, ভুমিৰ উৎপন্ন সকলো বস্তুৰ দশম ভাগ যিহোৱাৰ হ’ব; সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
31আৰু যদি কোনোৱে নিজৰ দশম ভাগৰ কিছু মোকলাব খোজে, তেন্তে তেওঁ তাৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব।
32আৰু গৰু বা মেৰ বা ছাগলীৰ জাকৰ আটাই দশমভাগ, লাখুটিৰ তলেদি যোৱা সকলৰ দশমভাগ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব।

Read লেবীয়া 27লেবীয়া 27
Compare লেবীয়া 27:14-32লেবীয়া 27:14-32