Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 26

লেবীয়া 26:2-10

Help us?
Click on verse(s) to share them!
2তোমালোকে মোৰ বিশ্ৰাম-বাৰ পালন কৰিবা, আৰু মোৰ ধৰ্মধামলৈ ভয় ৰাখিবা; মই যিহোৱা।
3যদি তোমালোকে মোৰ বিধানতে চলা আৰু মোৰ আজ্ঞা পালন কৰি সেই অনুসাৰে কাৰ্য কৰা,
4তেতিয়া মই উচিত সময়ত তোমালোকলৈ বৰষুণ বৰষাম; তাতে ভুমিয়ে নিজৰ শস্য উৎপন্ন কৰিব, আৰু বাৰীৰ নিজ গছবোৰত গুটি লাগিব।
5তোমালোকৰ শস্য মৰা কাল দ্ৰাক্ষাগুটি চিঙা কাললৈকে থাকিব, আৰু তোমালোকে হেঁপাহ পলুৱাকৈ তোমালোকৰ আহাৰ ভোজন কৰিবা আৰু নিৰ্ভয়ে তোমালোকৰ দেশত বাস কৰিবা।
6আৰু মই দেশত শান্তি দান কৰিম; তাতে তোমালোকক কোনেওঁ ভয় নোখোৱাকৈ তোমালোকে শুবলৈ পাবা; মই তোমালোকৰ দেশৰ পৰা হিংসুক জন্তুবোৰ নাইকিয়া কৰিম, আৰু তোমালোকৰ দেশৰ মাজেদি তৰোৱাল নচলিব।
7তোমালোকে তোমালোকৰ শত্ৰুবোৰক খেদি দিবা, আৰু তোমালোকৰ আগতে তেওঁলোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
8আৰু তোমালোকৰ পাঁচজনে এশ জনক আৰু তোমালোকৰ এশজনে দহ হাজাৰ জনক খেদি দিব, আৰু তোমালোকৰ শত্ৰুবোৰ তোমালোকৰ আগত পতিত হ’ব।
9মই তোমালোকলৈ অনুগ্রহেৰে দৃষ্টি কৰি তোমালোকক বহুবংশ কৰিম; আৰু অতিশয়ৰূপে বৃদ্ধি কৰিম; আৰু মই তোমালোকৰ লগত কৰা মোৰ নিয়মটি সিদ্ধ কৰিম।
10আৰু তোমালোকে বহুদিনৰ পৰা সাঁচি থোৱা পুৰণি শস্য ভোজন কৰিবা, আৰু নতুন শস্য থবলৈ পুৰণি শস্য বোৰ উলিয়াবা।

Read লেবীয়া 26লেবীয়া 26
Compare লেবীয়া 26:2-10লেবীয়া 26:2-10