Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 23

লেবীয়া 23:33-38

Help us?
Click on verse(s) to share them!
33আৰু যিহোৱাই মোচিক ক’লে,
34“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘সেই সপ্তম মাহৰ পঞ্চদশ দিনাৰ পৰা সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে পঁজা-পৰ্ব্ব হ’ব।
35প্ৰথম দিনা পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
36তোমালোকে সাত দিনালৈকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গা কৰিবা; অষ্টম দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; সেয়ে ধৰ্ম-সভা; সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
37অগ্নিকৃত উপহাৰ, অৰ্থাৎ হোম-বলি, ভক্ষ্য নৈবেদ্য, মঙ্গলাৰ্থক বলি, আৰু পেয় নৈবেদ্য নিজ নিজ দিন উৎসৰ্গ কৰিবলৈ তোমালোকে পবিত্ৰ সভা বুলি ঘোষণা কৰিবলগীয়া যিহোৱাৰ পৰ্ব্ব এইবোৰ।,
38যিহোৱাৰ বিশ্ৰাম-বাৰ বোৰৰ বাহিৰে আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে যি যি দান দিয়া, প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে আৰু ইচ্ছামতে এনেই দিবৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে তোমালোকে যি যি উপহাৰ দিয়া, সেই বোৰৰ কাৰণে এই পৰ্ব্ববোৰ পালন কৰিবা।

Read লেবীয়া 23লেবীয়া 23
Compare লেবীয়া 23:33-38লেবীয়া 23:33-38