Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 23

লেবীয়া 23:2-16

Help us?
Click on verse(s) to share them!
2“তুমি ইস্ৰায়েলৰ সন্তান সকলক কথা কোৱা, তেওঁলোকক এই কথা কোৱা যে ‘তোমালোকে যিহোৱাৰ যি সকলো পৰ্ব্ব পবিত্ৰ সভা বুলি ঘোষণা কৰিবা, মোৰ সেইবোৰ পৰ্ব্ব এই।
3ছদিনৰ কাম কৰা যাব; কিন্তু সপ্তমদিন বিশ্ৰাম-দিন, অৰ্থাৎ সম্পূৰ্ণ বিশ্ৰামৰ, সেই দিনা পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা; সেয়ে তোমালোক থকা সকলো ঠাইতে যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন হ’ব।
4যিহোৱাৰ যিবোৰ পৰ্ব্ব, যিবোৰ পবিত্ৰ সভা তোমালোকে নিজ নিজ নিৰূপিত সময়ত ঘোষণা কৰিবা, সেইবোৰ এই।
5প্ৰথম মাহৰ চতুৰ্দশ দিনা সন্ধিয়া সময়ত যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব হ’ব।
6আৰু সেই মাহৰ পঞ্চদশ দিনা যিহোৱাৰ উদ্দেশ্যে খমীৰ নিদিয়া পিঠাৰ উৎসৱ হ’ব। তোমালোকে সাত দিন ধৰি খমীৰ নিদিয়া পিঠা ভোজন কৰিবা।
7প্ৰথম দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে কোনো ব্যৱসায়ৰ সাধাৰণ কৰ্ম নকৰিবা।
8কিন্তু সাত দিন যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; সপ্তম দিনা পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে কোনো ব্যৱসায়ৰ সাধাৰণ কৰ্ম নকৰিবা’।”
9পাছে যিহোৱাই মোচিৰ সৈতে কথা পাতি এইদৰে ক’লে,
10“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘মই তোমালোকক যি দেশ দিম, সেই দেশত সোমালে তোমালোকে যেতিয়া তাত শস্য দাবা, তেতিয়া, তোমালোকে দোৱা শস্যৰ আগভাগ বুলি এডাঙৰি পুৰোহিতৰ গুৰিলৈ আনিবা।
11তোমালোকে গ্ৰহণীয় হ’বৰ বাবে, তেওঁ যিহোৱাৰ আগত সেই ডাঙৰি দোলাব; বিশ্ৰামবাৰৰ পাছদিনাখনত পুৰোহিতে তাক দোলাব।
12আৰু যি দিনা তোমালোকে সেই ডাঙৰি দোলাবা, সেই দিনা যিহোৱাৰ উদ্দেশ্য হোমৰ অৰ্থে এটা এবছৰীয়া নিৰ্ঘূণী মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা।
13তাৰ ভক্ষ্য নৈবেদ্য ঐফাৰ দহভাগৰ দুভাগ তেল মিহলোৱা মিহি আটা গুৰি; সেয়ে যিহোৱাৰ উদ্দেশ্য সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ হ’ব; আৰু তাৰ পেয় নৈবেদ্য এক হীন দ্ৰাক্ষাৰস চাৰিভাগৰ এভাগ হ’ব।
14আৰু তোমালোকে নিজ ঈশ্বৰৰ উদ্দেশ্যে এই উপহাৰ ননা দিনলৈকে; পিঠা বা ভজা শস্য বা ছিঙা নতুন চেঁই ভোজন নকৰিবা; তোমালোকে থকা আটাই ঠাইতে এইয়া পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰকলীয়া বিধি।
15সেই বিশ্ৰাম-বাৰৰ পাছদিনাৰ পৰা, দোলনীয় নৈবেদ্য স্বৰূপে ডাঙৰি অনা দিনাৰ পৰা তোমালোকে পুৰা সাত বিশ্ৰাম-বাৰ লেখ কৰিবা।
16এইদৰে সপ্তম বিশ্ৰাম-বাৰৰ পাছদিনালৈকে তোমালোকে পঞ্চাশদিন লেখ কৰিবা। আৰু তেতিয়া যিহোৱাৰ উদ্দেশ্যে নতুন ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা।

Read লেবীয়া 23লেবীয়া 23
Compare লেবীয়া 23:2-16লেবীয়া 23:2-16