Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 21

লেবীয়া 21:10-20

Help us?
Click on verse(s) to share them!
10আৰু নিজ ভাইসকলৰ মাজত যি প্ৰধান পুৰোহিতৰ মুৰত যি অভিষেকাৰ্থক তেল ঢলা গ’ল আৰু পবিত্ৰ বস্তুবোৰ পিন্ধিবৰ কাৰণে নিযুক্ত কৰা হ’ল, তেওঁ নিজৰ মুৰৰ চুলি মুকলিকৈ নাৰাখিব আৰু নিজৰ কাপোৰ নাফালিব।
11তেওঁ কোনো মৰা শৱৰ ওচৰলৈ নাযাব; নিজ পিতৃ কি মাতৃৰ কাৰণেও তেওঁ নিজকে অশুচি নকৰিব।
12ধৰ্মধামৰ পৰা বাহিৰ হৈ নাযাব আৰু নিজ ঈশ্বৰৰ ধৰ্মধাম অপবিত্ৰ নকৰিব, কিয়নো নিজ ঈশ্বৰৰ অভিষেকাৰ্থক তেল কিৰীটি স্বৰূপে তেওঁৰ মুৰত আছে। মই যিহোৱা।
13প্রধান পুৰোহিতে কেৱল পুৰুষে স্পৰ্শ নকৰা ছোৱালীহে বিয়া কৰিব।
14বিধৱা বা স্বামীয়ে ত্যাগ কৰা, ভ্ৰষ্টা বা বেশ্যা এনে মহিলা তেওঁ বিয়া নকৰিব। কিন্তু নিজ লোকসকলৰ মাজৰ পুৰুষে স্পৰ্শ নকৰা কোনো ছোৱালী বিয়া কৰিব।
15তেওঁ নিজ লোকসকলৰ মাজত নিজ বংশ অপবিত্ৰ নকৰিব, কিয়নো মই তেওঁক পবিত্ৰ কৰোঁতা যিহোৱা’।”
16যিহোৱাই মোচিক আৰু ক’লে, বোলে,
17“তুমি হাৰোণক কোৱা, পুৰুষানুক্ৰমে তোমাৰ বংশৰ মাজত যিজনৰ গাত ঘুণ থাকিব, তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।
18কিয়নো যিকোনো লোকৰ ঘুণ থাকিব, সি ওচৰ নাচাপিব; যেনে কণা, খোৰা, ফেঁচা-নকা,
19অধিক অঙ্গ থকা, কি ভৰি ভগা, কি হাত ভগা,
20কি কুজাঁ, কি বাওনা বা চকুৰ ৰোগী বা খজুলি থকা, কি নিকৰি বন্ধা, কি অণ্ডকোষ কঢ়া।

Read লেবীয়া 21লেবীয়া 21
Compare লেবীয়া 21:10-20লেবীয়া 21:10-20