Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 20

লেবীয়া 20:1-18

Help us?
Click on verse(s) to share them!
1পাছে যিহোৱাই মোচিক ক’লে,
2“তুমি ইস্ৰায়েলৰ সন্তানসকলক পুনৰ কোৱা, ‘ইস্ৰায়েলৰ সন্তান সকলৰ যিকোনোৱে বা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা যিকোনো বিদেশীয়ে নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিব, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। দেশীয় লোকসকলে তেওঁক শিল দলিয়াই বধ কৰিব।
3ময়ো সেই লোকলৈ কোন্দোৱাকৈ চাই তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম; কাৰণ মোৰ ধৰ্মধাম অশুচি কৰিবলৈ আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবলৈ, তেওঁ নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিলে।
4আৰু যি সময়ত সেই মানুহে নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰে, সেই সময়ত যদি দেশীয় লোকসকলে সেই মানুহৰ কাৰ্যলৈ চকু মুদে আৰু তেওঁক বধ নকৰে,
5তেন্তে ময়েই সেই মানুহলৈ আৰু তেওঁৰ গোষ্ঠীলৈ কোন্দোৱাকৈ চাই তেওঁক আৰু মোলক দেৱতাৰে সৈতে ব্যভিচাৰ কৰিবৰ অৰ্থে তেওঁৰ অনুগামী হোৱা আটাই ব্যভিচাৰীক আৰু তেওঁলোকক, লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম।
6আৰু যি কোনো মানুহে ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাসকলৰ অনুগামী হৈ ব্যভিচাৰ কৰিবলৈ তেওঁলোকৰ ফাললৈ মুখ কৰিব, মই সেই মানুহলৈ কোন্দোৱাকৈ চাই, তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম।
7এই হেতুকে তোমালোকে তোমালোকক পবিত্ৰ কৰি পবিত্ৰ হোৱা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
8তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা। মই তোমালোকৰ পবিত্ৰকাৰী যিহোৱা।
9কিয়নো যিকোনোৱে নিজ পিতৃ বা মাতৃক শাও দিব, তাৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। পিতৃ-মাতৃক শাও দিয়াৰ বাবে সেই ৰক্তপাতৰ দোষ তেওঁৰ নিজৰ গাতে থাকিব।
10যি লোকে পৰস্ত্ৰীৰে সৈতে ব্যভিচাৰ কৰিব, যি লোকে ওচৰ-চুবুৰীয়াৰ মহিলাৰে সৈতে ব্যভিচাৰ কৰিব, সেই ব্যভিচাৰী আৰু সেই ব্যভিচাৰিণী দুয়োৰো অৱশ্যে প্ৰাণদণ্ড হ’ব।
11আৰু যি মানুহে নিজ পিতৃ-ভাৰ্য্যাৰে সৈতে শয়ন কৰিব, তেওঁ নিজ পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। অৱশ্যে সিহঁত দুয়োৰো প্ৰাণদণ্ড হব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
12যদি কোনো লোকে নিজ নিজ পো-বোৱাৰীয়েকৰ লগত শয়ন কৰে, তেন্তে অৱশ্যে তেওঁলোক দুয়োৰো প্ৰাণদণ্ড হ’ব। তেওঁলোকে স্বভাৱৰ বিৰুদ্ধে কাৰ্য কৰে। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
13আৰু কোনো পুৰুষে যদি মহিলাৰ দৰে পুৰুষে সৈতে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো ঘিণ লগীয়া কৰ্ম কৰে। তেওঁলোকৰ প্ৰাণদণ্ড অৱশ্যে হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
14কোনো লোকে যদি কোনো মহিলাক আৰু তাইৰ মাকক গ্ৰহণ কৰে, তেন্তে সেয়ে কুকৰ্ম; তোমালোকৰ মাজত যেন এনে কুকৰ্ম নহয়, এই কাৰণে তেওঁক আৰু তেওঁলোকক তিনিওটাকে জুইত পুৰি ভস্ম কৰা হ’ব।
15যদি কোনো লোকে পশুত পতিত হয়, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। আৰু তোমালোকে সেই পশুকো বধ কৰিবা।
16যদি কোনো মহিলাই সংসৰ্গ কৰিবলৈ পশুৰ ওচৰলৈ যায়, তেন্তে তুমি সেই মহিলাক আৰু পশুক বধ কৰিবা। তেওঁলোকৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
17যদি কোনো লোকে নিজৰ বায়েক কি ভনীয়েক, অৰ্থাৎ বাপেকৰ জীয়েক বা মাকৰ জীয়েকক গ্ৰহণ কৰি উভয়ে উভয়ৰ উলঙ্গতা দেখে, তেন্তে সেয়ে বৰ লাজৰ বিষয়। তেওঁলোক নিজ জাতিৰ সন্তান সকলৰ সাক্ষাতে উচ্ছন্ন হ’ব। তেওঁ নিজ বায়েক কি ভনীয়েকৰ উলঙ্গতা অনাবৃত কৰাত, তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।
18যদি কোনোবাই মাহেকীয়া অশৌচ হোৱা মহিলাৰে সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তাইৰ উলঙ্গতা প্ৰকাশ কৰে, তেন্তে সেই পুৰুষে তাইৰ ভুমুক অনাবৃত কৰাত আৰু সেই মহিলায়ো নিজৰ তেজৰ ভুমুক অনাবৃত কৰাত, তেওঁলোক দুয়ো নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ’ব।

Read লেবীয়া 20লেবীয়া 20
Compare লেবীয়া 20:1-18লেবীয়া 20:1-18