Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 13

লেবীয়া 13:20-37

Help us?
Click on verse(s) to share them!
20তেতিয়া পুৰোহিতে তাক চাব; যদি সেয়ে ছালতকৈ দ যেন বোধ হয়, আৰু তাৰ নোম বগা হৈ গ’ল, তেতিয়া পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে ফোঁহোৰাত ওলোৱা কুষ্ঠৰোগৰ ঘা।
21কিন্তু পুৰোহিতে তাক চাই যদি বগা নোম নেদেখে, আৰু সেয়ে ছালতকৈ দ নহয়, কিন্তু শুকাই গৈছে, তেতিয়া পুৰোহিতে তেওঁক সাত দিন আতৰত ৰাখিব।
22পাছত সেয়ে যদি ছালত বিয়পি যায়, তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে কুষ্ঠ ৰোগৰ ঘা।
23কিন্তু যদি সেই জিলিকা দাগ নিজ ঠাইতে থাকে, আৰু বিয়পি নাযায়, তেন্তে সেয়ে ফোঁহোৰাৰ দাগ মাত্ৰ; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব।
24যদি গাৰ ছালত পোৰা দাগ হয়, আৰু সেই দাগৰ নতুন ছালৰ ৰঙচুৱা বগা বা শুদ্ধ বগা বা জিলিকা দাগ হয়,
25তেন্তে পুৰোহিতে তাক চাব; যদি জিলিকা দাগত থকা নোম বগা হৈ গ’ল, আৰু আন ছালতকৈ দ যেন দেখা যায়, তেতিয়া সেয়ে জুইয়ে পোৰা দাগত ওলোৱা কুষ্ঠ ৰোগ; পুৰোহিতে তাক অশুচি বুলি ক’ব, কিয়নো সেয়ে কুষ্ঠ ৰোগৰ ঘা।
26কিন্তু যদি পুৰোহিতে চাই জিলিকা দাগত বগা নোম নেদেখে, আৰু সেই দাগ ছালতকৈ দ নহয়, কিন্তু শুকাই গ’ল, তেতিয়া পুৰোহিতে তেওঁক সাত দিন আতৰত ৰাখিব।
27পাছত সপ্তম দিনা পুৰোহিতে তেওঁক চাব; তেতিয়া যদি ছালত সেয়ে বিয়পি যায়, তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে কুষ্ঠ ৰোগৰ ঘা।
28আৰু যদি সেই জিলিকা দাগ নিজ ঠাইতে থাকে, আৰু ছালত ব্যাপি নাযায়, কিন্তু শুকাই যায়, তেন্তে সেয়ে পোৰা ঠাইত উঠা টেমুনা মাথোন; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব, কিয়নো সেয়ে জুইয়ে পোৰা ঘাৰ দাগহে মাথোন।
29কোনো পুৰুষ বা স্ত্ৰীৰ মূৰত বা থুঁতৰিৰ তলত ঘা হ’লে,
30পুৰোহিতে সেই ঘা চাব; সেয়ে যদি ছালতকৈ দ যেন বোধ হয়, আৰু তাত হালধীয়া মিহি নোম থাকে তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে খজুৱা ৰোগ; মূৰৰ চুলি বা দাড়ি সৰা কুষ্ঠ ৰোগ।
31আৰু পুৰোহিতে সেই খজুৱা চুলি বা দাড়ি সৰা ৰোগৰ ঘা চালে, যদি সেয়ে ছালতকৈ দ যেন বোধ নহয়, আৰু তাত ক’লা নোম নাথাকে, তেন্তে পুৰোহিতে সেই চুলি কি দাড়ি সৰা ৰোগ থকা লোকজনক সাতদিন আতৰ কৰি ৰাখিব।
32পাছত পুৰোহিতে সপ্তম দিনা সেই ঘা চাব; যদি সেই ঘা বিয়পি যোৱা নাই, আৰু তাত হালধীয়া নোম নাই, আৰু ছালতকৈ ঘাৰ ছাল দ যেন বোধ নহয়,
33তেন্তে সেই ঘাৰ কাষৰ চৰিওফালে থকা চুলি খুৰুউৱা হ’ব, কিন্তু ঘা থকা ঠাইডোখৰ নুখুৰাব; তেতিয়া পুৰোহিতে সেই খজুৱা ঘা থকা লোকজনক আৰু সাতদিন আতৰ কৰি ৰাখিব।
34পাছত সপ্তমদিনা পুৰোহিতে সেই ঘা চাব; তাতে, যদি সেই ঘা ছালত ব্যাপি যোৱা নাই, আৰু ছালতকৈ দ যেন বোধ নহয়, তেন্তে পুৰোহিতে তেওঁক শুচি বুলি ক’ব; পাছত সেই লোকজনে নিজ বস্ত্ৰ ধুই শুচি হ’ব।
35কিন্তু পুৰোহিতে শুচি কৰোঁৱাৰ পাছত, যদি তেওঁৰ ছালত সেই ঘা ব্যাপি যায়,
36তেন্তে পুৰোহিতে তেওঁক পুনৰায় চাব; যদি তেওঁৰ ছালত সেই ঘা ব্যাপি যোৱা দেখে, তেন্তে পুৰোহিতে হালধীয়া নোম নিবিচাৰিব; সেই লোকজন অশুচি।
37কিন্তু তেওঁৰ দৃষ্টিত যদি সেই ঘা একেদৰে থাকে, আৰু তাৰ মাজত ক’লা নোম গজে, তেন্তে সেই ৰোগ ভাল হ’ল; তেওঁ শুচি; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব।

Read লেবীয়া 13লেবীয়া 13
Compare লেবীয়া 13:20-37লেবীয়া 13:20-37