Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 13

লেবীয়া 13:2-25

Help us?
Click on verse(s) to share them!
2“যদি কোনো এজন লোকৰ গাৰ ছাল উখহি উঠে, বা চোকোৰা বান্ধি উঠে, বা জিলিকা দাগ হয়, আৰু সেয়ে যদি গাৰ ছালত কুষ্ঠৰোগৰ ঘা হৈ যায়, তেতিয়া তেওঁক হাৰোণ পুৰোহিত বা তেওঁৰ পুত্ৰ পুৰোহিতসকলৰ মাজৰ এজনৰ ওচৰলৈ অনা হ’ব।
3তেতিয়া পুৰোহিত জনে তেওঁৰ গাৰ ছালত থকা সেই ঘাটো চাব; যদি সেই ঘাৰ নোম বগা হৈ উঠে, আৰু ঘা যদি গাৰ ছালতকৈ দ যেন বোধ হয়, তেতিয়া সেই ঘা কুষ্ঠৰোগৰ ঘা; তেওঁৰ সেই ঘা চোৱাৰ পাছত পুৰোহিতে তেওঁক অশুচি বুলি জনাব।
4আৰু যদি তেওঁৰ সেই জিলিকা দাগ ঘাৰ ছালত বগা হয়, কিন্তু ছালতকৈ দ যেন বোধ নহয়, আৰু তেওঁৰ ঘাৰ নোম বগা হৈ যোৱা নাই, তেতিয়া সেই ঘা হোৱা লোক জনক পুৰোহিতে সাতদিন আতৰ কৰি ৰাখিব।
5পাছত সপ্তম দিনা পুৰোহিত জনে সেই ঘা হোৱা লোকজনক চাই যদি তেওঁৰ দৃষ্টিত ঘা সেই একেদৰে থাকে বা ছালত ব্যাপি যোৱা নাই, তেতিয়া পুৰোহিত জনে তেওঁক আকৌ সাত দিনলৈ আতৰত ৰাখিব।
6আৰু সপ্তমদিনা পুৰোহিত জনে তেওঁক আকৌ চাব; তেতিয়া যদি সেই ঘা শুকাবলৈ ধৰে, আৰু ছালত যদি বিয়পি যোৱা নেদেখে, তেতিয়া পুৰোহিতে তেওঁক শুচি বুলি জনাব; সেয়ে কেৱল চোকোৰা বন্ধা ঘা হে; পাছত তেওঁ নিজ বস্ত্ৰ ধুই শুচি হ’ব।
7কিন্তু তেওঁৰ শুচিৰ অৰ্থে নিজকে পুৰোহিতক দেখুউৱাৰ পাছত যদি সেই চোকোৰা বন্ধা ঘা ছালত বিয়পি যায়, তেতিয়া তেওঁ পুনৰায় নিজকে পুৰোহিতক দেখুৱাব লাগিব।
8তেতিয়া পুৰোহিতে সেই ঘা চাই যদি তেওঁৰ চোকোৰা বন্ধা ঘা ছালত বিয়পি যোৱা দেখে, তেতিয়া তেওঁ লোকজনক অশুচি বুলি জনাব; সেয়ে কুষ্ঠৰোগ।
9কোনো এজন লোকৰ কুষ্ঠৰোগৰ ঘা হ’লে, তেওঁক পুৰোহিতৰ ওচৰলৈ অনা হ’ব।
10তেতিয়া পুৰোহিতে তেওঁক চাব; যদি তেওঁৰ ছালত বগা ধৰণৰ টেমুনা বান্ধে, আৰু তাৰ দ্বাৰাই তাৰ নোম বগা হৈ উঠে, আৰু সেই টেমুনাত কেঁচা মঙহ থাকে,
11তেতিয়া তেওঁৰ গাৰ ছালত সেয়ে পুৰণি কুষ্ঠৰোগ; তাতে পুৰোহিতে তেওঁক অশুচি বুলি জনাব; তেওঁ সেই লোকজনক আতৰত নাৰাখিব, কিয়নো তেওঁ আগৰে পৰা অশুচি।
12যদি ছালৰ সকলোতে সেই কুষ্ঠৰোগ ব্যাপি যায়, আৰু পুৰোহিতৰ যিমানলৈকে চকু পৰে, সিমানলৈকে সেই ঘা থকা লোকজনৰ মূৰৰ পৰা ভৰিলৈকে গোটেই ছাল কুষ্ঠৰোগেৰে ঢাকে,
13তেতিয়া তেওঁৰ গোটেই গা কুষ্ঠৰোগেৰে ঢকা দেখি, পুৰোহিতে সেই ঘা থকা লোকজনক শুচি বুলি ক’ব; তেওঁৰ গোটেই গা বগা হোৱাত তেওঁ শুচি।
14কিন্তু যেতিয়া সেই ঘাত কেঁচা মঙহ দেখা যায়, তেতিয়া তেওঁ অশুচি হ’ব।
15তেতিয়া পুৰোহিতে সেই কেঁচা মঙহ দেখি, তেওঁক অশুচি বুলি ক’ব, কিয়নো সেই কেঁচা মঙহ অশুচি; সেয়ে কুষ্ঠৰোগ।
16আৰু সেই কেঁচা মঙহ যদি পুনৰায় বগা হৈ যায়, তেতিয়া তেওঁ পুৰোহিতৰ ওচৰলৈ যাব।
17তেতিয়া পুৰোহিতে সেই লোকজনৰ বগা হৈ উঠা ঘাটো চাব, আৰু যদি সেই ঘা বগা হোৱা দেখে, তেতিয়া পুৰোহিতে সেই ঘা থকা লোকজনক শুচি বুলি ক’ব।
18আৰু গাৰ ছালত ফোঁহোৰা হৈ ভাল হোৱাৰ পাছত,
19যদি সেই ফোঁহোৰাৰ ঠাইত বগা বৰণৰ টেমুনা বান্ধে, বা বগা আৰু অলপ ৰঙা বৰণৰ জিলিকা দাগ হয়, তেতিয়া তাক পুৰোহিতক দেখুউৱা হ’ব।
20তেতিয়া পুৰোহিতে তাক চাব; যদি সেয়ে ছালতকৈ দ যেন বোধ হয়, আৰু তাৰ নোম বগা হৈ গ’ল, তেতিয়া পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে ফোঁহোৰাত ওলোৱা কুষ্ঠৰোগৰ ঘা।
21কিন্তু পুৰোহিতে তাক চাই যদি বগা নোম নেদেখে, আৰু সেয়ে ছালতকৈ দ নহয়, কিন্তু শুকাই গৈছে, তেতিয়া পুৰোহিতে তেওঁক সাত দিন আতৰত ৰাখিব।
22পাছত সেয়ে যদি ছালত বিয়পি যায়, তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে কুষ্ঠ ৰোগৰ ঘা।
23কিন্তু যদি সেই জিলিকা দাগ নিজ ঠাইতে থাকে, আৰু বিয়পি নাযায়, তেন্তে সেয়ে ফোঁহোৰাৰ দাগ মাত্ৰ; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব।
24যদি গাৰ ছালত পোৰা দাগ হয়, আৰু সেই দাগৰ নতুন ছালৰ ৰঙচুৱা বগা বা শুদ্ধ বগা বা জিলিকা দাগ হয়,
25তেন্তে পুৰোহিতে তাক চাব; যদি জিলিকা দাগত থকা নোম বগা হৈ গ’ল, আৰু আন ছালতকৈ দ যেন দেখা যায়, তেতিয়া সেয়ে জুইয়ে পোৰা দাগত ওলোৱা কুষ্ঠ ৰোগ; পুৰোহিতে তাক অশুচি বুলি ক’ব, কিয়নো সেয়ে কুষ্ঠ ৰোগৰ ঘা।

Read লেবীয়া 13লেবীয়া 13
Compare লেবীয়া 13:2-25লেবীয়া 13:2-25