Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 11

লেবীয়া 11:24-40

Help us?
Click on verse(s) to share them!
24তোমালোক এই জন্তুবোৰৰ দ্বাৰাই সন্ধিয়ালৈকে অশুচি হৈ পৰিবা, যদি কোনোৱে এইবোৰৰ শৱবোৰো স্পৰ্শ কৰে, তেৱোঁ অশুচি হ’ব।
25আৰু যিকোনোৱে সেইবোৰৰ শৱ লৈ যাব, সি নিজ কাপোৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
26যিবোৰ জন্তুৰ খুৰা দুফাল হলেও সম্পুৰ্ণৰূপে দুফাল নহয় আৰু যি জন্তুৱে ঘাঁহ নাপাগুলে, সেইবোৰ তোমালোকৰ পক্ষে অশুচি। যিকোনোৱে সেইবোৰৰ শৱ চুব, তেওঁ অশুচি হ’ব।
27আৰু চাৰি ঠেঙেৰে ফুৰা সকলো জন্তুৰ মাজত যিবোৰ ভৰিৰ তলুৱাৰে খোজ কাঢ়ে, সেইবোৰ তোমালোকৰ পক্ষে অশুচি। যিকোনোৱে সেইবোৰৰ শৱ চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
28আৰু যিকোনোৱে সেইবোৰৰ শৱ লৈ যাব, সি নিজ বস্ত্ৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। সেইবোৰেই তোমালোকৰ পক্ষে অশুচি।
29মাটিত বগাই ফুৰা সকলো বিধৰ উৰগ জন্তুৰ মাজত এইবোৰ তোমালোকৰ পক্ষে অশুচি; নেউল, এন্দুৰ,
30সকলো বিধৰ গুঁই জেঠী, নাইপিয়া, তেজপিয়া, সোণগুঁই, আৰু মটিয়া গুঁই।
31বগাই ফুৰা জন্তুৰ জন্তুবোৰৰ ভিতৰত এইবোৰ তোমালোকৰ পক্ষে অশুচি; সেইবোৰ মৰিলে, যি কোনোৱে সেইবোৰৰ শৱ চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
32আৰু সেইবোৰৰ মাজৰ কোনো শৱ যি বস্তুৰ ওপৰত পৰিব, সিও অশুচি হ’ব; কাঠৰ পাত্ৰ বা বস্ত্ৰ বা ছাল বা মোনা, যিকোনো কামত লগা বস্তুৱেই হওক, তাক পানীত জুবুৰিয়াব লাগিব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু তেতিয়াহে শুচি হ’ব।
33আৰু কোনো মাটিৰ পাত্ৰৰ ভিতৰত সেইবোৰৰ শৱ পৰিলে, তাৰ ভিতৰত থকা সকলো বস্তু অশুচি হ’ব আৰু তোমালোকে তাক ভাঙি পেলাবা।
34তাৰ ভিতৰত থকা পানী দি সিজোৱা সকলো খোৱা বস্তু অশুচি হ’ব আৰু তেনেকুৱা সকলো পাত্ৰত থকা সকলো প্ৰকাৰ পেয় দ্ৰব্য অশুচি হ’ব।
35আৰু এন্দুৰেই হওঁক বা চুলাই হওঁক, যিকোনো বস্তুৰ ওপৰত সেইবোৰৰ শৱ পৰিব, সেয়ে অশুচি হ’ব; তাক ভাঙি পেলাব লাগিব; সেইবোৰ অশুচি, তোমালোকৰ পক্ষে সেইবোৰ অশুচি হৈ থাকিব।
36তথাপি ভুমুক বা যি নাদত অনেক পানী জমা হৈ থাকে, সেয়ে শুচি হব; কিন্তু যি জনে সেইবোৰৰ মৰা শৱ চুব, তেওঁ অশুচি হ’ব।
37আৰু সেইবোৰৰ শৱ যদি কোনো ববলগীয়া গুটিত পৰে, তেন্তে সেয়ে শুচি হৈ থাকিব।
38কিন্তু গুটিৰ ওপৰত পানী দিলে, যদি সেইবোৰৰ শৱ তাৰ ওপৰত পৰে, তেন্তে সেয়ে তোমালোকৰ পক্ষে অশুচি।
39তোমালোকে খাব পৰা পশুৰ মাজত কোনো পশু মৰিলে, যিকোনোৱে তাৰ শৱ চুব, সি সন্ধ্যালৈকে অশুচি হৈ থাকিব।
40আৰু যিকোনোৱে তাৰ মাংস খাব, সি নিজৰ কাপোৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। আৰু যি কোনোৱে তাৰ শৱ লৈ যাব তেওঁ নিজ বস্ত্ৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।

Read লেবীয়া 11লেবীয়া 11
Compare লেবীয়া 11:24-40লেবীয়া 11:24-40