Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 10

লেবীয়া 10:5-11

Help us?
Click on verse(s) to share them!
5আৰু সেয়ে তেওঁলোকে মোচিৰ আজ্ঞা অনুসাৰে, ওচৰলৈ গৈ, অঙ্গৰক্ষক বস্ত্ৰে সৈতে তেওঁলোকক তুলি ছাউনিৰ বাহিৰলৈ লৈ গ’ল।
6তেতিয়া মোচিয়ে হাৰোণক আৰু তেওঁৰ পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰক ক’লে, “তোমালোক যেন নমৰা আৰু গোটেই মণ্ডলীলৈ যেন তেওঁৰ ক্ৰোধ প্ৰজ্বলিত নহয়, এই কাৰণে তোমালোকে নিজ নিজ মূৰৰ চুলি মুকলিকৈ নাৰাখিবা আৰু নিজ নিজ কাপোৰ নাফালিবা; কিন্তু যিহোৱাৰ ক্ৰোধাগ্নি জ্বলাৰ বাবে তোমালোকৰ ভাই গোটেই ইস্ৰায়েল বংশই ক্ৰন্দন কৰক।
7আৰু এই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰা বাহিৰলৈ নাযাবা, নহ’লে মৰিবা, কিয়নো তোমালোকৰ গাত যিহোৱাৰ অভিষেকাৰ্থক তেল আছে।” তেতিয়া তেওঁলোকে মোচিৰ বাক্য অনুসাৰে সেই দৰে কৰিলে।
8তেতিয়া যিহোৱাই হাৰোণক ক’লে,
9“তোমালোক যেন নমৰা, সেই কাৰণে তুমি বা তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে সাক্ষাৎ কৰা তম্বুত সোমোৱা কালত, দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা। এয়ে তোমালোকে পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি,
10আৰু তোমালোকে যেন পবিত্ৰ আৰু সামান্য বিষয়ৰ আৰু শুচি আৰু অশুচিৰ প্ৰভেদ কৰিব পাৰিবা,
11আৰু মোচিৰ দ্বাৰাই যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক দিয়া সকলো বিধিৰ শিক্ষা তোমালোকে যেন তেওঁলোকক দিব পাৰিবা, সেই বাবে এই বিধি তোমোলোকক দিয়া হ’ল।”

Read লেবীয়া 10লেবীয়া 10
Compare লেবীয়া 10:5-11লেবীয়া 10:5-11