Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 12

লূক 12:39-48

Help us?
Click on verse(s) to share them!
39কোন সময়ত চোৰআহিব, সেই বিষয়ে ঘৰৰ গৰাকীয়ে জনা হলে, পৰ দি থাকি সিন্ধি দিবলৈ নিজৰ ঘৰ এৰি নিদিলেহেঁতেন; ইয়াক তোমালোকে জানা।
40তোমালোকো যুগুত হৈ থাকা; কিয়নো যি ক্ষণত তোমালোকে নাভাবা, সেই ক্ষণতে মানুহৰ পুত্ৰ আহিব।”
41তেতিয়া পিতৰে ক’লে, “হে প্ৰভু, এই দৃষ্টান্ত অকল আমাৰ বাবে ক’লে নে, নাইবা সকলোকে কৈছে?”
42তাতে প্ৰভুৱে ক’লে, “নিজৰ ভৃত্য সকলক উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ, প্ৰভুৱে সিহঁতৰ ওপৰত যাক গৰাকী পাতিব এনে বিশ্বাসী আৰু বুদ্ধিমান ঘৰগিৰী কোন?
43প্ৰভু অহা সময়ত যাক এনে কৰা দেখে সেই দাস ধন্য।
44মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ সর্ব্বস্বৰ ওপৰত তাক ঘৰগিৰী পাতিব।
45কিন্তু সেই দাস জনে যদি নিজৰ মনতে কয়, ‘মোৰ প্ৰভু অহাত পলম হ’ব’, আৰু এনেদৰে আন বন্দী বেটীক যদি কোবাবলৈ ধৰে, আৰু ভোজন-পান কৰি তেওঁ মতলীয়া হয়।
46তেনেহলে যি দিন আৰু সময়ৰ কথা তেওঁ অলপো চিন্তা নকৰে, সেইদিন আৰু সময়তে তেওঁৰ প্ৰভু আহি হাজিৰ হ’ব৷ তাতে প্ৰভুৱে দাসক কাটি টুকুৰা-টুকুৰ কৰিব আৰু অবিশ্বাসী সকলৰ কাৰণে যি ঠাই যুগুত কৰা হৈছে, তেওঁৰ স্থান তাতেই হ’ব৷
47যি দাসে তাৰ প্ৰভুৰ ইচ্ছা জানিও যুগুত হৈ নাথাকে আৰু তেওঁৰ ইচ্ছাৰ দৰে নকৰে, সেই দাসে ভালেমান কোব খাব।
48কিন্তু যি জনে নাজানিকোবৰ যোগ্য কর্ম কৰে সি তাকৰ কোব খাব৷ যি জনক অধিক দিয়া হৈছিল, তেওঁৰ পৰা অধিক বিচৰা হব; লোক সকলে যি জনক সৰহকৈ গোটাই দিলে, তেওঁৰ পৰা অধিককৈ খুজিব।

Read লূক 12লূক 12
Compare লূক 12:39-48লূক 12:39-48