Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 6

যোহন 6:6-33

Help us?
Click on verse(s) to share them!
6ফিলিপক পৰীক্ষা কৰিবলৈকে যীচুৱে এই কথা ক’লে, কাৰণ যীচুৱে কি কৰিব তাক তেওঁ নিজে জানিছিল।
7ফিলিপে উত্তৰ দিলে, “এওঁলোক প্রত্যেকে যদি অলপকৈয়ো পায়, তথাপি দুশ আধলিৰ পিঠা কিনিলেও যথেষ্ট নহ’ব।”
8যীচুৰ শিষ্য সকলৰ মাজত এজনৰ নাম আছিল আন্দ্রিয়। তেওঁ চিমোন পিতৰৰ ভায়েক। তেওঁ যীচুক ক’লে,
9“ইয়াত এজন সৰু ল’ৰা আছে আৰু তেওঁৰ ওচৰত পাঁচোটা যৱৰ পিঠা আৰু দুটা সৰু মাছ আছে; কিন্তু ইমান মানুহৰ মাজত তাৰে কি হ’ব?”
10যীচুৱে ক’লে, “লোক সকলক বহিবলৈ দিয়া।” সেই ঠাইতে ভালেমান বন আছিল। তেতিয়া সকলো লোক তাৰ ওপৰতে বহিল। তাত পুৰুষৰ সংখ্যাই প্রায় পাঁচ হাজাৰ আছিল।
11তাৰ পাছত যীচুৱে সেই পিঠাকেইখন লৈ ঈশ্বৰক ধন্যবাদ দি বহি থকা সকলৰ মাজত ভগাই দিলে। তেনেদৰে তেওঁ পাছত মাছো ভগাই দিলে। যেয়ে যিমান বিচাৰিলে সিমানকৈ পালে।
12তেনেকৈ তেওঁলোক পৰিতৃপ্ত হোৱাৰ পাছত যীচুৱে শিষ্য সকলক ক’লে, “যি টুকুৰাবোৰ বাকী থাকিল, তাৰ একোৱেই যেন নষ্ট নহয়; সেইবোৰ একেলগে গোটাই লোৱা।”
13তেতিয়া শিষ্য সকলে সেইবোৰ গোটালে আৰু লোক সকলে খোৱাৰ পাছত সেই পাঁচোটা যৱৰ পিঠাৰ যি টুকুৰাবোৰ বাকী থাকিল, সেইবোৰ গোটাই তেওঁলোকে বাৰটা পাচি পূৰ কৰিলে।
14যীচুৰ এই আচৰিত কার্য দেখি লোক সকলে কবলৈ ধৰিলে, “জগতলৈ যি জন ভাৱবাদী অহাৰ কথা আছে, এওঁ নিশ্চয়ে সেই ভাৱবাদী।”
15যেতিয়া যীচুৱে বুজিলে যে লোক সকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ উদ্যত হৈছে; তেতিয়া তেওঁ আতৰি অকলে সেই পাহাৰলৈ পুণৰ উঠি গ’ল।
16যেতিয়া সন্ধিয়া নামি আহিল, যীচুৰ শিষ্য সকল সাগৰৰ তীৰলৈ নামি গ’ল।
17তেওঁলোকে গৈ এখন নাৱত উঠিল আৰু কফৰনাহূম নগৰৰ ফালে সাগৰ পাৰ হৈ যাবলৈ ধৰিলে। ইতিমধ্যে আন্ধাৰ হৈ গৈছিল, কিন্তু যীচু তেতিয়াও তেওঁলোকৰ ওচৰ আহি নাপালে।
18বৰ জোৰেৰে বতাহ বলাত সাগৰত ঢৌ উঠিছিল।
19শিষ্য সকলে নাও বাই প্রায় পাঁচ ছয় কিলোমিটাৰমান যোৱাৰ পাছত দেখিলে, যীচু সাগৰৰ ওপৰেদি খোজকাঢ়ি নাৱঁৰ ওচৰলৈ আহি আছে। তাকে দেখি তেওঁলোকে অতিশয় ভয় খালে।
20তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এয়া মইহে! ভয় নকৰিবা।”
21শিষ্য সকলে যীচুক নাৱত তুলি লবলৈ বিচাৰিলে আৰু তেওঁলোক যি ঠাইলৈ গৈ আছিল, নাও খন তেতিয়াই সেই ঠাই পালেগৈ।
22পিছদিনা খনৰ কথা। যি সকল লোক সাগৰৰ আন পাৰত থিয় হৈ আছিল, তেওঁলোকে দেখিছিল যে কেৱল মাত্র এখন নাৱৰ বাহিৰে সেই ঠাইত আন এখনো নাও নাছিল আৰু যীচু তেওঁৰ শিষ্য সকলৰ সৈতে তাত নুঠিল, অকল শিষ্য সকলহে আতৰি গৈছিল।
23কিন্তু, প্রভুৱে ধন্যবাদ দিয়াৰ পাছত লোক সকলে যি ঠাইত পিঠা খাইছিল, সেই ঠাইৰ ওচৰতে তিবিৰিয়াৰ পৰা অহা কিছুমান নাও আছিল।
24সেয়ে, লোক সকলে যেতিয়া জানিলে যে যীচু আৰু তেওঁৰ শিষ্য সকল সেই ঠাইত নাই, তেতিয়া তেওঁলোকে সেই নাওবোৰত উঠি যীচুক বিচাৰি কফৰনাহূমলৈ গ’ল।
25সাগৰৰ সিটো পাৰত তেওঁলোকে যীচুক দেখা পাই ক’লে, “ৰব্বি, আপুনি ইয়ালৈ কেতিয়া আহিল?”
26যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “মই আপোনালোকক অতি সত্যৰূপে কওঁ, আপোনালোকে আচৰিত চিন দেখিছে কাৰণে নহয়, বৰং পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছে।
27ক্ষয়ণীয় আহাৰৰকাৰণে শ্ৰম কৰিবলৈ এৰক; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ কাৰণে শ্ৰম কৰক। সেই আহাৰ মানুহৰ পুত্ৰই আপোনালোকক দিব; কিয়নো পিতৃ ঈশ্বৰে তেওঁৰ ওপৰত নিজৰ মোহৰমাৰিলে।”
28লোক সকলে তেওঁক সুধিলে, “তেনেহলে ঈশ্বৰৰ কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে?”
29যীচুৱে উত্তৰ দিলে, “ঈশ্বৰে যি জনক পঠালে, আপোনালোকে তেওঁত বিশ্বাস কৰাই হৈছে ঈশ্বৰৰ মনোনীত কৰ্ম।”
30তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি দেখি বিশ্বাস কৰিবলৈ আপুনি কি এনে কার্য কৰি আচৰিত চিন দেখুৱাব? আপুনি কি কৰ্ম কৰিব?
31আমাৰ পূর্বপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল; যেনেকৈ শাস্ত্রত লিখা আছে, ‘তেওঁ তেওঁলোকক খাবলৈ স্বৰ্গৰ পৰা পিঠা দিলে’।”
32যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কওঁ, স্বর্গৰ পৰা সেই পিঠা মোচিয়ে আপোনালোকক দিয়া নাছিল, কিন্তু মোৰ পিতৃয়েহে আপোনালোকক স্বৰ্গৰ পৰা প্রকৃত পিঠা দিয়ে
33কিয়নো স্বৰ্গৰ পৰা নামি আহি যিহে জগতক জীৱন দান কৰে, সেয়ে ঈশ্বৰে দিয়া পিঠা।”

Read যোহন 6যোহন 6
Compare যোহন 6:6-33যোহন 6:6-33