Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 6

যোহন 6:34-67

Help us?
Click on verse(s) to share them!
34লোক সকলে ক’লে, “তেনেহলে প্ৰভু, সেই পিঠা আমাক সকলো সময়তে দিয়ক।”
35যীচুৱে তেওঁ তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।
36মই আপোনালোকক কৈছোঁ যে, আপোনালোকে মোক দেখিছে, কিন্তু আপোনালোকে বিশ্বাস নকৰে।
37পিতৃয়ে মোক যি সকলক দিছে, তেওঁলোক সকলোৱেই মোৰ ওচৰলৈ আহিব; আৰু মোৰ ওচৰলৈ অহা জনক মই কেতিয়াও বাহিৰ কৰি নিদিম।
38কিয়নো মই মোৰ নিজৰ ইচ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা নাই, কিন্তু মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰিবলৈহে নামি আহিছোঁ।
39মোক পঠোৱা জনৰ ইচ্ছা এই যে, তেওঁ মোক যি সকলক দিলে, তেওঁলোকৰ এজনকো যেন মই নেহেৰুৱাও, কিন্তু শেষৰ দিনা তেওঁলোক সকলোকে যেন মই উঠাও।
40মোৰ পিতৃৰ ইচ্ছা এই- যি কোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে, তেওঁ যেন অনন্ত জীৱন পায়; আৰু শেষৰ দিনা মই তেওঁক তুলিম।”
41পাছত ইহুদী নেতা সকলে যীচুৰ বিষয়ে ভোৰভোৰনি আৰম্ভ কৰিলে; যিহেতু তেওঁ কৈছিল, “স্বৰ্গৰ পৰা নমা আহাৰ ময়েই;”
42সেই নেতা সকলে কৈছিল, “এওঁ যোচেফৰ পুতেক যীচু, যাৰ বাপেক-মাকক আমি জানো, সেই জনেই নহয় নে? তেনেহলে ‘মই স্বৰ্গৰ পৰা নামি আহিছোঁ’ এই কথা এতিয়া তেওঁ কেনেকৈ কৈছে?”
43যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “আপোনালোকে নিজৰ মাজত সেই ভোৰভোৰনি বন্ধ কৰক।
44যি জনে মোক পঠাইছে, সেই পিতৃয়ে চপাই নললে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু মই শেষৰ দিনা তেওঁক তুলিম।
45ভাববাদী সকলৰ পুস্তকত এই বুলি লিখা আছে, ‘তেওঁলোক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা লাভ কৰিব।’যি জনে পিতৃৰ পৰা শুনি শিক্ষা পাইছে, তেৱেঁই মোৰ ওচৰলৈ আহে।
46কোনোৱে যে পিতৃক দেখিলে, এনে নহয়, কেৱল যি জন ঈশ্বৰৰ পৰা হয়, তেৱেঁই পিতৃক দেখিলে।
47মই সঁচাকৈয়ে কৈছোঁ, যি জনে বিশ্বাস কৰে, সেই জনৰ অনন্ত জীৱন আছে।
48জীৱন দিওঁতা আহাৰ (পিঠা) ময়েই।
49আপোনালোকৰ পিতৃপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল আৰু তেওঁলোক মৰিল৷
50স্বৰ্গৰ পৰা নামি অহা আহাৰ এয়ে; যি মানুহে ইয়াক খায়, তেওঁ পুনৰ নমৰে।
51স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায়, তেনেহলে তেওঁ চিৰকাল জীৱ; আৰু জগতৰ জীৱনৰ কাৰণে মই যি আহাৰ দিম, সেয়ে মোৰ মাংস।”
52এই কথাত ইহুদী সকল খঙত জ্বলি উঠি পৰস্পৰে বাকযুদ্ধত লিপ্ত হৈ ক’লে, “কেনেকৈ এই মানুহ জনে তেওঁৰ দেহৰ মাংস আমাক খাবলৈ দিব পাৰে?”
53যীচুৱে তেওঁলোকক ক’লে, “সঁচাকৈয়ে মই আপোনালোকক কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে, আপোনালোকৰ ভিতৰত জীৱন নাই।
54যি কোনোৱে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, তেওঁৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।
55কিয়নো মোৰ মাংসই প্রকৃত ভক্ষ্য আৰু মোৰ তেজেই প্রকৃত পানীয়।
56যি জনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে, সেই জন মোত থাকে, ময়ো তেওঁত থাকোঁ।
57যেনেকৈ জীৱিত পিতৃয়ে মোক পঠালে আৰু পিতৃৰ কাৰণে মই জীৱিত আছোঁ, তেনেকৈ যি কোনোৱে মোক ভোজন কৰে, তেৱোঁ মোৰ দ্বাৰাই জীয়াই থাকিব।
58স্বৰ্গৰ পৰা নমা আহাৰ এয়েই। পিতৃপুৰুষ সকলে যেনেকৈ খায়ো মৰিল, তাৰ নিচিনা নহয়; যি জনে এই আহাৰ খায়, সেই জন চিৰকাল জীৱ।”
59এই সকলো কথা যীচুৱে কফৰনাহূমত উপদেশ দিয়াৰ সময়ত নাম-ঘৰত ক’লে।
60যীচুৰ শিষ্য সকলৰ মাজৰ অনেকে এই কথা শুনি ক’লে, “ই বৰ কঠিন শিক্ষা; কোনে ইয়াক গ্রহণ কৰিব পাৰে?”
61যীচুৱে নিজৰ মনতে জানিব পাৰিছিল যে তেওঁৰ শিষ্য সকলে এই বিষয়ত বু বু বা বা কৰি আছে; সেয়ে তেওঁ শিষ্য সকলক সুধিলে, “এই কথাত তোমালোকে মনত বিঘিনি পাইছা নেকি?
62মানুহৰ পুত্ৰক যেতিয়া উর্দ্ধত তেওঁৰ আগৰ থকা ঠাইলৈ উঠা দেখিবা, তেতিয়া তোমালোকে কি ভাবিবা?
63আত্মাইহে জীৱন দিয়ে। মাংস একো উপকাৰত নাহে; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।
64কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে, যি সকলে বিশ্বাস নকৰে।” কিয়নো যীচুৱে আদিৰে পৰা জানিছিল, কোনে কোনে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব।
65তেওঁ পুনৰ ক’লে, “এই কাৰণে মই তোমালোকক কৈছিলোঁ যে, পিতৃয়ে ইচ্ছা নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।”
66ইয়াৰ পাছতে তেওঁৰ শিষ্য সকলৰ মাজৰ অনেক উলটি গ’ল; তেওঁৰ লগত পুনৰ অহা-যোৱা নকৰিলে।
67যীচুৱে তেতিয়া সেই বাৰ জন পাঁচনিক ক’লে, “তোমালোকেও যাবলৈ ইচ্ছা কৰা নে?”

Read যোহন 6যোহন 6
Compare যোহন 6:34-67যোহন 6:34-67