Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 5

যোহন 5:5-18

Help us?
Click on verse(s) to share them!
5তাত আঠত্রিশ বছৰ ধৰি বেমাৰ ভোগ কৰি থকা এজন ৰুগীয়া মানুহ আছিল।
6যীচুৱে তেওঁক পৰি থকা দেখি আৰু বহু দিনৰ ৰোগী যেন জানি, তেওঁক সুধিলে, “তুমি সুস্থ হ’বলৈ ইচ্ছা কৰা নে?”
7ৰোগী জনে তেওঁক উত্তৰ দিলে, “মহাশয়, যেতিয়া পানীত খলকনি উঠে, তেতিয়া পুখুৰীত নমাই দিবলৈ মোৰ কোনো মানুহ নাই; সেয়ে, মই যাওঁতে যাওঁতে মোতকৈ আগেয়ে আনে নামেগৈ।”
8যীচুৱে তেওঁক ক’লে, “উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি ফুৰা।”
9তেতিয়াই সেই মানুহ জনে সুস্থ হ’ল আৰু নিজৰ শয্যা তুলি লৈ খোজ কাঢ়িবলৈ ধৰিলে।
10সেই দিনটো বিশ্ৰামবাৰ আছিল; সেয়েহে ইহুদী সকলে সুস্থ হোৱা জনক ক’লে, “আজি বিশ্ৰামবাৰ; বিধানৰ মতে শয্যা তুলি নিব নাপায়।”
11কিন্তু তেওঁ তেওঁলোকক উত্তৰ দিলে, “যি জনে মোক সুস্থ কৰিলে, সেই জনেই মোক ক’লে, বোলে তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি ফুৰা।”
12তেওঁলোকে তেওঁক সুধিলে, “তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা বুলি কোৱা সেই মানুহ জন কোন?”
13কিন্তু সুস্থ হোৱা মানুহ জনে ‘তেওঁ কোন আছিল’ তাক জনা নাছিল। কিয়নো সেই ঠাইত অনেকে ভিৰ কৰাত, যীচু আতৰি গৈছিল।
14পাছত যীচুৱে মন্দিৰত তেওঁক দেখা পাই ক’লে, “চোৱা তুমি এতিয়া সুস্থ হ’লা!! আৰু পাপ নকৰিবা, যাতে তোমাৰ অধিক ক্ষতি নহয়।”
15তেতিয়া সেই মানুহে গৈ ইহুদী সকলক ক’লে, “যি জনে মোক সুস্থ কৰিলে, তেওঁ যীচু।”
16এই কাৰণতে ইহুদী সকলে যীচুক তাড়না কৰিবলৈ ধৰিলে, কাৰণ তেওঁ বিশ্রামবাৰে এইবোৰ কৰ্ম কৰিলে।
17যীচুৱে তেওঁলোকক ক’লে, “মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰিছোঁ।”
18যীচুৰ এই কথাৰ কাৰণে ইহুদী সকলে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে। কিয়নো যীচুৱে যে কেৱল বিশ্ৰামবাৰৰ বিধান লঙ্ঘন কৰিলে, এনে নহয়, তেওঁ ঈশ্বৰক নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিলে।

Read যোহন 5যোহন 5
Compare যোহন 5:5-18যোহন 5:5-18