Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 5

যোহন 5:33-45

Help us?
Click on verse(s) to share them!
33আপোনালোকে যোহনৰ ওচৰলৈ লোক পঠাইছিল আৰু যোহনে সত্যৰ পক্ষে সাক্ষ্য দিছিল।
34অৱশ্যে মোৰ মানুহৰ পৰা পোৱা সাক্ষ্যৰ প্রয়োজন নাই; তথাপি মই এইবোৰ কথা কৈছোঁ, যাতে আপোনালোকে পৰিত্ৰাণ পাব পাৰে।
35সেই যোহন আছিল এটি প্ৰদীপ স্বৰূপ, তেওঁ নিজে জ্বলি পোহৰ বিলাই আছিল। আপোনালোকে অলপ কালৰ বাবে তেওঁৰ পোহৰত আনন্দ উপভোগ কৰিবলৈ ইচ্ছুক হৈছিল।
36কিন্তু মোৰ যি সাক্ষ্য আছে, সেয়া যোহনৰ সাক্ষ্যতকৈয়ো মহত্বপূর্ণ; কাৰণ পিতৃয়ে মোক যি কামবোৰ সম্পূর্ণ কৰিবলৈ দিছে, মই সেইবোৰ কামেই কৰিছোঁ আৰু সেইবোৰে মোৰ বিষয়ে সাক্ষ্য দিয়ে যে পিতৃয়ে মোক পঠাইছে।
37সেই পিতৃ, যি জনে মোক পঠালে, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিছে। আপোনালোকে তেওঁৰ মাত কোনো কালে শুনা নাই; তেওঁৰ আকৃতিও দেখা নাই।
38তাৰ উপৰি তেওঁৰ বাক্যও আপোনালোকৰ অন্তৰত নাই; কিয়নো যি জনক তেওঁ পঠালে, আপোনালোকে সেই জনক বিশ্বাস নকৰে।
39আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাৱে সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে;
40তথাপি আপোনালোকে জীৱন লাভ কৰিবলৈ, মোৰ ওচৰলৈ আহিব নিবিচাৰে।
41মই মানুহৰ প্রশংসাপাবলৈ চেষ্টা নকৰোঁ;
42কিন্তু মই আপোনালোকক জানো যে, আপোনালোকৰ অন্তৰত ঈশ্বৰৰ প্রতি প্ৰেম নাই।
43মই মোৰ পিতৃৰ নামেৰে আহিছোঁ আৰু আপোনালোকে মোক গ্ৰহণ নকৰে; কিন্তু আন কোনো যদি নিজৰ নামেৰে আহে, আপোনালোকে তেওঁক গ্ৰহণ কৰিব।
44আপোনালোকে এজনে আন জনৰ পৰা প্রশংসাগ্ৰহন কৰিবলৈ আশা কৰে, কিন্তু যি প্রশংসা একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব?
45নাভাবিব যে পিতৃৰ আগত মই আপোনালোকক দোষী কৰিম; অাপোনালোকক দোষী কৰোঁতা আন এজন আছে। যি মোচিৰ ওপৰত আপোনালোকে আশা কৰিছে, তেৱেঁই আপোনালোকক দোষী কৰিছে।

Read যোহন 5যোহন 5
Compare যোহন 5:33-45যোহন 5:33-45