Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 4

যোহন 4:23-45

Help us?
Click on verse(s) to share them!
23কিন্তু যি কালত স্বৰূপ ভকত সকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এনে কি এতিয়াই সেই সময় হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকত সকলকহে বিচাৰে।
24ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰা সকলে আত্মাৰে আৰু সত্যেৰে তেওঁক ভজনা কৰিব লাগে।”
25সেই মহিলাই তেওঁক ক’লে, “মচীহ, যি জনক খ্ৰীষ্ট বোলা হয়, তেওঁ যে আহি আছে সেই বিষয়ে মই জানো। তেওঁ যেতিয়া আহিব, তেতিয়া আমাক সকলো কথা জনাব।”
26যীচুৱে তেওঁক ক’লে, “তোমাৰে সৈতে কথা-বাৰ্ত্তা হোৱা ময়েই সেই মচীহ।”
27তেনে সময়তে তেওঁৰ শিষ্য সকল ঘূৰি আহিল আৰু এগৰাকী মহিলাৰ সৈতে যীচুক কথা পাতি থকা দেখি আচৰিত হ’ল। তথাপি কোনেও তেওঁক এই কথা নুসুধিলে “আপুনি কি বিচাৰিছে?” বা “কি কাৰণে আপুনি তেওঁৰ লগত কথা পাতিছে?”
28সেই মহিলা গৰাকীয়ে তেতিয়া নিজৰ পানী লোৱা পাত্ৰ তাতে এৰি থৈ নগৰলৈ গৈ লোক সকলক মাতি ক’লে,
29“আহাঁছোন, এজন মানুহক চোৱাঁহি; মই যি সকলো কৰিলোঁ, তেওঁ সেই সকলোকে মোক ক’লে। এই জনেই সেই খ্ৰীষ্ট নেকি?”
30তেতিয়া লোক সকলে নগৰৰ পৰা ওলাই যীচুৰ ওচৰলৈ আহিব ধৰিলে।।
31ইয়াৰ মাজতে শিষ্য সকলে তেওঁক অনুৰোধ কৰি ক’লে, “ৰব্বি, আপুনি অলপ মান কিবা খাই লওঁক।”
32কিন্তু তেওঁ তেওঁলোকক ক’লে, “মোৰ এনে আহাৰ খাবলগীয়া আছে, যিহৰ বিষয়ে তোমালোকে নাজানা।”
33শিষ্য সকলে পৰস্পৰে কোৱা-কুই কৰিবলৈ ধৰিলে, “তেনেহলে কি কোনোবাই তেওঁলৈ খোৱা বস্তু আনি দিলে নেকি?”
34যীচুৱে তেওঁলোকক ক’লে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।
35তোমালোকে প্রায়েই নোকোৱা নে ‘আৰু চাৰিমাহ বাকী আছে, তাৰ পাছতে ধান দাবৰ সময় হ’ব?’ কিন্তু, মই হ’লে তোমালোকক কওঁ, তোমালোকে চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ ধান পকি আছে।
36যি জনে দায়, তেওঁ বেচ পায় আৰু অনন্ত জীৱনলৈ শস্য চপায়; তাতে যি জনে ধান ৰোৱে আৰু ধান দায়, দুয়োৱে একেলগে আনন্দ কৰে।
37ইয়াত এই কথাটো সত্য যে, ‘এজনে ৰোৱে আৰু আন জনে দায়’।
38মই তোমালোকক এনে শস্য দাবলৈ পঠালোঁ, যিহৰ কাৰণে তোমালোকে শ্ৰম কৰা নাই; তাৰ কাৰণে আন লোকে পৰিশ্ৰম কৰিলে আৰু তোমালোকে তেওঁলোকৰেই শ্ৰমৰ শস্য গোটাইছা।”
39যি মহিলা গৰাকীয়ে সাক্ষ্য দিছিল যে “মই যি সকলো কৰিলোঁ, তেওঁ মোক সেই সকলোকে ক’লে,” তেওঁৰ কথাত সেই নগৰৰ অনেক চমৰীয়া মানুহে যীচুত বিশ্বাস কৰিলে।
40লোক সকলে যীচুৰ ওচৰলৈ আহি তেওঁক তেওঁলোকৰ লগত কিছুদিন থাকিবলৈ অনুৰোধ কৰিলে। তেওঁ তাত দুদিন থাকিল।
41তেওঁৰ কথা শুনি অনেকে বিশ্বাস কৰিলে।
42তেওঁলোকে সেই মহিলা গৰাকীক ক’লে, “এতিয়া যে আমি বিশ্বাস কৰিছোঁ, কেৱল তোমাৰ কথাতে নহয়, কিন্তু আমি নিজেই তেওঁৰ কথা শুনি বুজি পালোঁ যে, এওঁ সঁচাকৈয়ে জগতৰ ত্ৰাণকৰ্তা।”
43দুদিনৰ পাছত তেওঁ তাৰ পৰা গালীল প্ৰদেশলৈ গ’ল।
44কাৰণ যীচুৱে নিজে কৈছিল যে, কোনো ভাববাদীয়ে নিজৰ দেশত মৰ্যদা নাপায়;
45তেওঁ যেতিয়া গালীল প্ৰদেশলৈ আহিল, তেতিয়া গালীলীয়া লোক সকলে তেওঁক সাদৰেৰে গ্ৰহণ কৰিলে; কাৰণ তেওঁলোকো সেই নিস্তাৰ পৰ্বৰ সময়ত যিৰূচালেমলৈ গৈছিল আৰু তাতে নিস্তাৰ পৰ্বৰ সময়ত তেওঁ যি যি কৰিছিল, সেই সকলো তেওঁলোকে দেখিছিল।

Read যোহন 4যোহন 4
Compare যোহন 4:23-45যোহন 4:23-45