14তেওঁ তাত গৈ দেখিলে যে মন্দিৰৰ মাজত লোক সকলে ষাঁড়-গৰু, মেৰ, কপৌ চৰাই বেচি আছে আৰু ধন সলোৱা লোক সকলো তাত বহি আছে।
15তেতিয়া তেওঁ কিছুমান ৰছীৰে এডাল চাবুক বনাই ললে আৰু সেইডালেৰে ষাঁড়-গৰু, মেৰবোৰেৰে সৈতে সকলোকে মন্দিৰৰ পৰা খেদাই দিলে, আৰু ধন সলোৱা সকলৰ টকা-পইচা সকলো বাকি দি সিহঁতৰ মেজবোৰ লুটিয়াই পেলালে।
16যি সকলে পাৰচৰাই বেচিছিল, তেওঁলোকক ক’লে, “ইয়াৰ পৰা এইবোৰ লৈ যোৱা! মোৰ পিতৃৰ গৃহক ব্যৱসায়ৰ গৃহ নকৰিবা।”
17ইয়াতে শাস্ত্রত লিখা এই কথা তেওঁৰ শিষ্য সকলৰ মনত পৰিল: “তোমাৰ গৃহৰ প্রতি মোৰ আগ্ৰহে মোক গ্ৰাস কৰিব।”
18তেতিয়া ইহুদী নেতা সকলে যীচুক সুধিলে, “এইবোৰ আচৰিত কাৰ্য কৰিবলৈ তুমি যে অধিকাৰ পাইছা, তাৰে কি প্রমাণ তুমি আমাক দেখুৱাব পাৰিবা?”
19যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই তিনি দিনত তাক তুলি ধৰিম।”
20তেতিয়া ইহুদী সকলে ক’লে, “এই মন্দিৰ নির্ম্মাণ কৰোঁতে ছয়চল্লিশ বছৰ লাগিছিল আৰু তুমি তাক তিন দিনতে তুলিবা নে?”