Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 1

যোহন 1:6-17

Help us?
Click on verse(s) to share them!
6ঈশ্বৰে যোহন নামেৰে এজন মানুহক পঠিয়াইছিল।
7তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ এজন সাক্ষীৰূপে আহিছিল যাতে তেওঁৰ দ্বাৰাই সকলোৱে বিশ্বাস কৰে।
8যোহন নিজে সেই পোহৰ নাছিল; তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈহে আহিছিল।
9সেই পোহৰ জগতলৈ আহিছিল আৰু সকলো মানুহকে পোহৰ দিয়া, সেই সত্য পোহৰ আছিল।
10তেওঁ জগততে আছিল; জগত তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল, কিন্তু জগতে তেওঁক নাজানিলে।
11যি জগত তেওঁৰ নিজৰেই, তেওঁ সেই ঠাইলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকেই তেওঁক গ্ৰহণ নকৰিলে।
12কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোক সকলক ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে।
13তেওঁলোকৰ জন্ম তেজৰ পৰা বা মাংসিক অভিলাষৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ’ল, এনে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰাহে হৈছে।
14সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
15যোহনে তেওঁৰ বিষয়ে সাক্ষ্য দি চিঞৰি ক’লে, “যি জনৰ বিষয়ে মই কৈছিলোঁ, এৱেঁই সেই জন। যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ পূৰ্বেও আছিল।”
16আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্রহৰ ওপৰিও বিনামূলীয়া অনুগ্রহ পালোঁ।
17কাৰণ মোচিৰ দ্বাৰা বিধান দিয়া হৈছিল; কিন্তু অনুগ্ৰহ আৰু সত্যতা যীচু খ্ৰীষ্টৰ দ্বাৰাহে আহিল।

Read যোহন 1যোহন 1
Compare যোহন 1:6-17যোহন 1:6-17