Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিহো - যিহো 13

যিহো 13:2-10

Help us?
Click on verse(s) to share them!
2এই দেশবোৰ এতিয়াও অৱশিষ্ট: পলেষ্টীয়াৰ সকলো অঞ্চল আৰু গচুৰীয়াসকলৰ অঞ্চলবোৰ,
3মিচৰৰ পূব ফালে থকা চিহোৰৰ পৰা উত্তৰফালে থকা কনানীয়াসকলৰ অধিকাৰত থোৱা ইক্ৰোণৰ সীমালৈকে; পলেষ্টীয়াসকলৰ সেই পাঁচজন অধিপতি- ঘচাতীয়া, অচ্‌দোদীয়া, অস্কিলোনীয়া, গাতীয়া আৰু ইক্ৰোণীয়া - এইটো অব্বীয়াসকলৰ অঞ্চল আছিল৷
4দক্ষিণ দিশে থকা কনানীয়াসকলৰ গোটেই দেশ আৰু চীদোনীয়াসকলৰ অধিকাৰত থকা মিয়াৰা, অফেকাৰ পৰা ইমোৰীয়াসকলৰ সীমালৈকে;
5গিবলীয়াসকলৰ দেশ, সূৰ্য উদয় হোৱা ফালে থকা গোটেই লিবানোন, হৰ্মোণ পৰ্ব্বতৰ তলত থকা বাল-গাদৰ পৰা হমাতলৈ৷
6ইয়াৰ উপৰিও লিবানোনৰ পৰা মিষ্ৰফোৎ-ময়িমলৈকে পৰ্ব্বতীয়া অঞ্চলৰ নিবাসী সকলৰ লগতে আটাই চীদোনীয়াসকল৷ মই তেওঁলোকক ইস্ৰায়েলৰ বাহিনীসকলৰ আগৰ পৰা দূৰ কৰিম; মই তোমাক আজ্ঞা দিয়াৰ দৰে, ইস্ৰায়েল উত্তৰাধিকাৰী হ’বলৈ তাৰ ভাগ নিৰ্ধাৰিত কৰিবৰ অৰ্থে তুমি নিশ্চিত কৰা৷
7উত্তৰাধিকাৰী হ’বলৈ তুমি অধিকাৰৰ অৰ্থে ন’টা গোষ্ঠীলৈ আৰু মনচিৰ আধা গোষ্ঠীলৈ এই দেশ ভাগ কৰি দিয়া।”
8বাকী থকা মনছিৰ আধা জন-গোষ্ঠী, ৰূবেণীয়া আৰু গাদীয়াসকলে যৰ্দ্দনৰ পূব ফালে থকা, মোচিয়ে দিয়াৰ দৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে,
9অৰ্ণোনৰ উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা উপত্যকাৰ মাজত থকা নগৰবোৰ আৰু দীবোনলৈকে মেদবাৰ গোটেই সমথল;
10হিচবোনত শাসন কৰা ইমোৰীয়াসকলৰ ৰজা চীহোনৰ সকলো নগৰৰ পৰা অম্মোনৰ সীমালৈকে;

Read যিহো 13যিহো 13
Compare যিহো 13:2-10যিহো 13:2-10