Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিহো - যিহো 11

যিহো 11:19-23

Help us?
Click on verse(s) to share them!
19গিবিয়োন-নিবাসী হিব্বীয়াসকলৰ বাহিৰে আন কোনো নগৰৰ লোকে ইস্ৰায়েলৰ সন্তান সকলৰে সৈতে সন্ধি স্থাপন নকৰিলে৷ ইস্ৰায়েলে আনসকলো নগৰৰ সকলোকেই যুদ্ধ কৰি দখল কৰি ল’লে।
20কিয়নো তেওঁলোকক সম্পূর্ণৰূপে বিনষ্ট কৰিবৰ বাবে যিহোৱাই তেওঁলোকৰ হৃদয় কঠিন কৰিছিল; সেই বাবে তেওঁলোকে আহি ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকৰ দয়াৰ নিবেদন শুনা নগ’ল; বৰং তেওঁলোক সম্পূর্ণৰূপে উচ্ছন্ন হ’ল৷
21সেই কালত যিহোচূৱাই আহি পৰ্ব্বতীয়া অঞ্চল, হিব্ৰোণ, দবীৰ, অনাব আৰু যিহূদা তথা ইস্ৰায়েলৰ আটাই পৰ্ব্বতীয়া অঞ্চলৰ পৰা অনাকীয়া সকলক উচ্ছন্ন কৰিলে৷ যিহোচূৱাই সম্পূর্ণৰূপে তেওঁলোকক নিজ নগৰবোৰৰ সৈতে বিনষ্ট কৰিলে।
22ইস্ৰায়েলৰ সন্তান সকলৰ দেশত অনাকীয়া সকলৰ কোনো অৱশিষ্ট নাথাকিল, কেৱল গাজাত, গাতত আৰু অচ্‌দোদত্‌হে কোনো অৱশিষ্ট থাকিল।
23এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰেই সেই সকলো দেশ যিহোচূৱাই দখল কৰি লৈছিল৷ পাছত যিহোচূৱাই এই দেশবোৰ ইস্ৰায়েলৰ প্ৰত্যেক ফৈদক ভাগ অনুসাৰে অধিকাৰ কৰিবলৈ দিলে। তেতিয়াৰে পৰা যুদ্ধ আতৰি গ’ল আৰু দেশ সুস্থিৰ হ’ল।

Read যিহো 11যিহো 11
Compare যিহো 11:19-23যিহো 11:19-23