Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিহো - যিহো 10

যিহো 10:32-41

Help us?
Click on verse(s) to share them!
32তেতিয়া যিহোৱাই লাখীচকো ইস্ৰায়েলৰ হাতত দিলে৷ যিহোচূৱাই দ্বিতীয় দিনা সেই ঠাই দখল কৰি ল’লে৷ লিব্‌নালৈ যেনেকুৱা কৰিছিল, লাখীচলৈও তেওঁ তেনেকুৱাই কৰিলে। তাৰ পাছত সেই ঠাই আৰু তাৰ মাজত থকা সকলো জীৱিত প্ৰাণীক তৰোৱালেৰে আঘাত কৰিলে।
33তেতিয়া গেজৰৰ ৰজা হোৰমে লাখীচক সহায় কৰিবলৈ আহিছিল৷ যিহোচূৱাই তাত থকা এজনো প্ৰাণী নিঃশেষ নোহোৱালৈকে, তেওঁক আৰু তেওঁৰ সৈন্যসকলক আঘাত কৰিলে।
34তেতিয়া যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ, লাখীচৰ পৰা ইগ্লোনলৈ গ’ল৷ তেওঁলোকে তাৰ কাষতে ছাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷
35সেই একে দিনাই তেওঁলোকে সেই ঠাই দখল কৰি ল’লে৷ যেনেকৈ লাখীচলৈ কৰিছিল, তেনেকৈ যিহোচূৱাই তৰোৱালেৰে প্ৰত্যেক জীৱিত প্ৰাণীক আঘাত কৰি নিঃশেষ কৰিলে৷
36তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ, ইগ্লোনৰ পৰা হিব্ৰোণলৈ যাত্ৰা কৰিলে, আৰু সেই ঠাইৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
37তেওঁলোকে সেই ঠাই দখল কৰি ল’লে, আৰু তাত থকা প্ৰতি জন লোকৰ লগতে তাৰ ৰজাতাৰ ৰজা আৰু চাৰিওফালে থকা সৰু সৰু নগৰবোৰত সোমাই আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে৷ যিহোচূৱাই ইগ্লোনৰ প্ৰতি কৰাৰ দৰেই, তাতো তেওঁলোকে কাকো জীৱিত নাৰাখি প্ৰত্যেক জীৱন্ত প্ৰাণীক বধ কৰিলে৷ তাক আৰু তাৰ ৰজাক, তাৰ সৰু সৰু নগৰবোৰ আৰু তাৰ ভিতৰত থকা সকলো মানুহক তৰোৱালেৰে আঘাত কৰিলে। সেইদৰে কাকো অৱশিষ্ট নাৰাখি তাৰ ভিতৰত থকা সকলোকে সম্পূর্ণৰূপে সংহাৰ কৰিলে।
38পাছত যিহোচূৱাই ইস্ৰায়েলৰ সৈন্য সকলক লগত লৈ, দবীৰলৈ ঘূৰি আহিল আৰু তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
39তেওঁ সেই ঠাই আৰু সেই ঠাইৰ ৰজাক আৰু তাৰ সৰু সৰু নগৰবোৰ দখল কৰি ল’লে৷ তেওঁলোকে তেওঁলোকক আৰু তাত থকা সকলো জীৱন্ত প্ৰাণীক সম্পূর্ণৰূপে তৰোৱালেৰে সংহাৰ কৰিলে৷ যিহোচূৱাই কোনো এটা প্ৰাণীকে সেই ঠাইত অৱশিষ্ট নাৰাখিলে, যেনেকৈ হিব্ৰোণলৈ আৰু লিব্‌না ও তাৰ ৰজালৈ কৰিছিল, তেনেকৈ ইয়ালৈকো তেওঁ কৰিলে।
40এইদৰে যিহোচূৱাই পৰ্ব্বতীয়া অঞ্চল, দক্ষিণ অঞ্চল, নিম্ন ভূমি আৰু উপপৰ্ব্বতৰ অঞ্চলসমূহৰ এই সকলো দেশ জয় কৰিলে৷ সেই অঞ্চলবোৰৰ সকলো ৰজাক আৰু প্ৰত্যেক জীৱক অৱশিষ্ট নৰখাকৈ বধ কৰিলে। তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে সকলো জীৱন্ত প্ৰাণীক নিঃশেষে বিনষ্ট কৰিলে।
41এইদৰে যিহোচূৱাই কাদেচ-বৰ্ণেয়াৰ পৰা গাজা আৰু গিবিয়োনলৈকে, গোচনৰ সকলো দেশ তৰোৱালেৰে আঘাত কৰি জয় কৰিলে।

Read যিহো 10যিহো 10
Compare যিহো 10:32-41যিহো 10:32-41