13পাছে তেওঁ তেওঁলোকক এৰি আকৌ নাৱত উঠি সিপাৰলৈ গুচি গ’ল।
14তেতিয়া শিষ্য সকলে লগত পিঠা ল’বলৈ পাহৰিলে। তেওঁলোকৰ লগত এটা পিঠাৰ বাহিৰে নাৱত একোৱেই নাছিল।
15এনেতে তেওঁ সতৰ্ক কৰি তেওঁলোকক আজ্ঞা দি ক’লে, “চাবা, তোমালোকে ফৰীচী সকলৰ খমিৰ আৰু হেৰোদৰ খমিৰলৈ সাৱধান হ’বা।”